Silsako Beel eviction: বেদখলকাৰীক উচ্ছেদ কৰাৰ নামত চৰকাৰে হাৰাশাস্তি কৰিছে খিলঞ্জীয়া লোকসকলক; তৃণমূল যুৱ কংগ্ৰেছ - অসম তৃণমূল কংগ্ৰেছ
🎬 Watch Now: Feature Video


Published : Sep 3, 2023, 8:37 PM IST
গুৱাহাটী, ৩ ছেপ্তেম্বৰ : মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল ৷ শিলসাঁকো উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অসম যুৱ তৃণমূল কংগ্ৰেছৰ সম্পাদিকা পলাক্ষী দাসে ৷
সংবাদমেলত পলাক্ষী দাসে কয় যে বেদখলকাৰীক উচ্ছেদ কৰাৰ নামত চৰকাৰে হাৰাশাস্তি কৰিছে খিলঞ্জীয়া লোকসকলক ৷ দুগৰাকী মহিলাই মানসিকভাৱে ভাগি পৰি অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিছে ৷ এই প্ৰতিবাদ সমগ্ৰ মহিলা জাতিৰ লগতে দেশখন অৰ্ধ-উলংগ হোৱাৰ প্ৰতিচ্ছবি ৷ শিলসাঁকোত উচ্ছেদ চলাই খিলঞ্জীয়াক আঁতৰাই মাটিসমূহ নিজৰ পৰিবাৰক অথবা ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াৰ বাবে যো-জা চলাইছে মুখ্যমন্ত্ৰীয়ে ৷ কোনো দল-সংগঠনে এনে প্ৰতিবাদ কৰিবলৈ উচতনি দিয়া নাই বুলি কয় তেওঁ ৷
তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে, উচ্ছেদ কৰাৰ পূৰ্বে ৰামদেৱক দিয়া মাটিত সংস্থাপন দিয়ক উচ্ছেদিতক ৷ লগতে পলাক্ষী দাসে আৰক্ষীক প্ৰহাৰ কৰাৰ অজুহাতত ভাৰতীয় দণ্ড বিধিৰ 353 ধাৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, যদি মই ৪৮ কেজি ওজনৰ ক্ষীণ দেহাৰে আৰক্ষীক হাত উঠাইছো তেনেহলে সেইজন আৰক্ষী শাৰীৰিকভাৱে অসুস্থ ৷ তেওঁক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে ৷ উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত শিলসাঁকো বিলৰ উচ্ছেদস্থলীত আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগত অসম যুৱ তৃণমূল কংগ্ৰেছৰ সম্পাদিকা পলাক্ষি দাসক আটক কৰিছিল ৷
লগতে পঢ়ক : Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ