চিমেন চাপৰিত ৰাসৰ প্ৰস্তুতি তুংগত
🎬 Watch Now: Feature Video
Published : Nov 25, 2023, 7:38 AM IST
জোনাই, 25 নৱেম্বৰ : ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ-বতাহ ৷ আঘোণ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হ’ব ৰাসলীলা ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্য়োগতে অহা 1 আৰু 2 ডিচেম্বৰত চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগণত ৰাসোৎসৱৰ আয়োজন কৰা হৈছে । এই ৰাসোৎসৱত অভিনেত্ৰী বিউটি বাইলুঙে কংসৰ ভাৱত অভিনয় কৰিব ।
মাজুলীৰ অভিজ্ঞ নাট পৰিচালৰ কাৰিকৰী নিৰ্দেশনাত প্ৰদৰ্শন কৰিবলগীয়া ৰাসত বিশিষ্ট বায়নৰ দ্বাৰা আখৰা চলাই থকা হৈছে । চিমেন চাপৰি সাৰ্বজনীন ৰাসোৎসৱৰ উদযাপন সমিতিৰ সভাপতি তোলন চন্দ্ৰ ফুকন, কাৰ্যকৰী সভাপতি দ্বীপেন বৰুৱা আৰু সম্পাদক কিৰণ দিহিঙীয়াই সদৰী কৰা অনুসৰি ৰাসোৎসৱত অভিনয়ৰ লগতে আন কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰাৰ মনস্থ কৰা হৈছে ।
লগতে পঢ়ক : উজনিত দুই বিধায়কৰ মাজত টনা-আঁজোৰা; সমষ্টি পুনৰ নিৰ্ধাৰণৰ ছাইড এফেক্ট বুলিও ভাবিব পাৰে !