Chandrayaan-3: বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ বাবে চন্দ্ৰযান-৩ ৰ সফলতাৰ সাক্ষী হোৱাৰ পৰা বঞ্চিত শিক্ষাৰ্থী - Protest against APDCL

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:20 PM IST

তেজপুৰ,২৩ আগষ্ট: বিশ্বৰ বুকুত নাম খোদিত কৰি জোনবাইৰ দেশত ইতিহাস ৰচিলে ভাৰতে । বিশ্ববাসীৰ দৃষ্টি আজুৰি আনিলে ISRO য়ে । তেনে সময়তে তেজপুৰত অসমবাসীৰ দৃষ্টি কাঢ়িলে APDCLয়েও । বহু প্ৰতীক্ষাৰ অন্তত চন্দ্ৰযান-৩ য়ে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰাৰ সময়তে তেজপুৰত বিদ্যুৎ কৰ্তন কৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।  

তেজপুৰৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীয়ে ঘেৰাও কৰিলে তেজপুৰ বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয় । চন্দ্রযান-৩ ৰ সাফল্যৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব নোৱাৰিলে তেজপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰী । পুৱাৰে পৰা বিদ্যালয়ত সন্ধিয়া ৬ বজালৈ আগ্ৰহেৰে বাট চাই আছিল । কিন্তু একমাত্ৰ অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ বাবেই আজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ মাত্ৰ ৫০ মিটাৰ দূৰত্বত থকা বালিকা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল বঞ্চিত হ'ল এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ পৰা ।  

ইয়াকে লৈ ক্ষোভিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰীসকল । ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয় । পিছে, ছাত্ৰীসকল কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগেই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত এচি, ফেন চলাই বিষয়া-কৰ্মচাৰীসকলে পলায়ন কৰে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: Signalling glass invention: বিৰল উদ্ভাৱন ! টোপনি আহিলেই সংকেট দিব চশমাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.