Singer Arun Das falls ill: অসুস্থ ৯০ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাস; স্বাস্থ্যৰ বুজ ল'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:22 PM IST

thumbnail

গুৱাহাটী,২৩ ছেপ্টেম্বৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি ৯০ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাস । অৰুণ দাসৰ স্বাস্থ্যৰ বুজ ল'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । মন্ত্ৰী বিমল বড়াই শিল্পী অৰুণ দাসৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয়, GMCH ৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰিব অৰুণ দাসক । প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান কৰা হৈছে । শিল্পীগৰাকীৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে ।  

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও সহায় আগবঢ়োৱা হয় অৰুণ দাসৰ চিকিৎসাৰ বাবে ৷ বাওঁভৰিৰ লগতে স্নায়ুৰ সমস্যাত ভুগিছে শিল্পীগৰাকীয়ে । কিছুদিন চিকিৎসাৰ পিছত সুস্থ হৈ উঠিব বুলিও মন্তব্য কৰে বিমল বড়াই । উল্লেখ্য যে কিছুদিন ধৰি অসুস্থ হৈ আছে একালৰ ৰকষ্টাৰ অৰুণ দাস । হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাস হৈছিল । অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ৰকষ্টাৰ আছিল তেওঁ । তেওঁৰ কণ্ঠতেই সুকীয়া ধাৰাত ৰোমাণ্টিক বিৰহ-বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে প্ৰাণ পাই উঠিছিল । সম্প্ৰতি শিল্পীজন অসুস্থৰ লগতে আৰ্থিক সংকটত ভুগিছে ।

লগতে পঢ়ক: Assam BJP: বিজেপিৰ সেৱা পষেক; ২৯ ছেপ্টেম্বৰত গাঁৱত থাকিব প্ৰতিগৰাকী মন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.