Dilapidated road in Jonai:জোনাইৰ গালীঘাটত বিদ্যালয়লৈ যাবলৈ নাই পথ - Public demand for road construction in Jonai
🎬 Watch Now: Feature Video
জোনাই, ১৭ জুন: চৰকাৰ আহিছে,আকৌ গৈছে । কিন্তু জন-প্ৰতিনিধিৰ প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে আছে । দেশে স্বাধীনতা লাভৰ সাতটা দশক অতিক্রম কৰাৰ পিচতো উন্নয়নে ঢুকি পোৱা নাই জোনাইৰ এটা বৃহৎ অঞ্চলক । এটা পথৰ অভাৱত নদীৰ কাষে কাষে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে কণ কণ ছাত্র-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ।
জোনাইৰ গালীঘাটৰ পৰা জীয়াধল,মুধৈ,দেবেৰা,চৰাইবাৰী মুনমুনী গাঁৱলৈ যোৱা একমাত্র পথৰ অৱস্থাই মোদী চৰকাৰৰ "সৱ কা সাথ সৱ কা বিকাশ" শ্লোগানৰ বিপৰীত ছবি এখন দাঙি ধৰিছে । এখন বাইক অথবা চাইকেলেৰে যাতায়াত কৰাতো বাদেই, বিদ্যালয়লৈ যোৱাৰ সময়ত কণ কণ ছাত্র-ছাত্ৰীসকলে নিতৌ নদীখনৰ কাষে কাষে বিপদসংকুল যাতায়াত কৰিবলগা হৈছে ।
লগতে পঢ়ক:Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা
TAGGED:
Dilapidated road in Jonai