মোবাইল ফোনত নেটৱৰ্ক নাপাই অতিষ্ঠ গ্ৰাহক - SMSS react over mobile network in Majuli

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 10:28 AM IST

মাজুলী, ১২ ডিচেম্বৰ: সত্ৰ নগৰী মাজুলীত মোবাইল ফোনৰ দুৰ্বল নেটৱৰ্ক পৰিসেৱাই জ্বলা-কলা খুৱাইছে সাধাৰণ গ্ৰাহকক । যোৱা কেইবাটাও দিনত মোবাইল ফোনৰ দুৰ্বল নেটৱৰ্কৰ বাবে সমস্যাত পৰিছে মাজুলীৰ দুই লক্ষাধিক জনসাধাৰণ । কিয়নো আজিৰ তাৰিখত বেংক, ডাকঘৰ, অন্যান্য প্ৰতিষ্ঠানৰ কাম কাজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ অনলাইনত পাঠদান মোবাইল নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰি চলিছে । বিগত কিছুদিনৰ পৰা কেইবাটাও মোবাইল ফোন সেৱাৰ গ্ৰাহকে অন লাইন কিবা এটা কৰাটো পাছৰে কথা, দুৰ্বল নেটৱৰ্কৰ বাবেই ফোন এটাও কৰিব পৰা নাই ।  

এই প্ৰসংগত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল গাৰ্গে অভিযোগ উত্থাপন কৰি কয় যে কাৰোবাক ফোন কৰিলে বিনা কাৰণত চুইটছ অফ দেখুৱাই । সংযোগ সীমাৰ বাহিৰত থকা আদি ন ন কথাৰে আমনি কৰিছে গ্ৰাহকসকলক । মোবাইল কোম্পানীসমূহে নেটৱৰ্ক প্ৰদানৰ নামত যি লুণ্ঠন চলাইছে তাক লৈ সৰৱ হৈ পৰিছে মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । অতি সোনকালে এই মোবাইল নেটৱৰ্ক কোম্পানীসমূহে নিজৰ নেটৱৰ্ক সেৱা উন্নত কৰিবৰ বাবে দাবী জনাইছে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:খোৱাঙত সজাগতাৰ বাৰ্তা লৈ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.