Jute farmers in Darrang: মৰাপাটৰ উচিত মূল্য নাপাই হাহাকাৰ কৃষকৰ - Jute farmers in Darrang

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:45 PM IST

দলগাঁও, ৭ ছেপ্টেম্বৰ: কৃষি প্ৰধান অঞ্চল দৰং জিলাৰ বিভিন্ন বজাৰত মৰাপাটৰ বজাৰ মূল্যই হাহাকাৰ সৃষ্টি কৰিছে কৃষকৰ মাজত । কৃষকে মৰাপাটৰ উচিত মূল্য নাপাই কম দামতে বিক্ৰী কৰিবলগীয়া হৈছে কষ্টপাৰ্জিত মৰাপাটসমূহ ৷ উল্লেখ্য যে, জিলাখনৰ মঙলদৈ আৰু দলগাঁও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বিশেষকৈ চৰাঞ্চলত প্ৰতি বছৰে উৎপাদন হয় হাজাৰ হাজাৰ মোন মৰাপাট ।

বৰ্তমান অতি ব্যয়বহুল খেতিৰূপে পৰিচিত তথা কৃষকৰ কষ্টপাৰ্জিত এই মৰাপাটৰ দাম দৰঙৰ বিভিন্ন সাপ্তাহিক বজাৰ ক্ৰমে বেছিমাৰী, লালপুল, কৌপাটী, টাংনী আৰু খাৰুপেটীয়াৰ বালুগাঁও বজাৰত দাম দ্ৰুতগতিত নিন্মগামী হোৱাত মূৰে-কপালে হাত দিবলগীয়া হৈছে মৰাপাট উৎপাদকসকল । যি সময়ত অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে তেনে সময়তে দৰঙৰ বিভিন্ন সাপ্তাহিক বজাৰৰ লগতে সৰ্ববৃহৎ খাৰুপেটীয়াৰ বালুগাঁও বজাৰত কম দামত বিক্ৰী হৈছে কৃষকৰ কষ্টোপাৰ্জিত মৰাপাট ।

গ্ৰেড অনুসৰি প্ৰতিমোন ১৩০০-১৪০০ টকাৰ পৰা সৰ্বাধিক বিক্ৰী হৈছে ১৮০০- ১৯০০ টকাত । প্ৰতি বিঘাত ১৫-১৬ হাজাৰ টকা খৰচ কৰি বিক্ৰী কৰিবলগীয়া হৈছে ১২-১৩ হাজাৰ টকাত । অধিক খৰচ কৰি কম দৰত বিক্ৰী কৰিবলগীয়া হোৱাত ব্যাপক লোকচানৰ সন্মুখীন হৈছে এই মৰাপাট উৎপাদকসকল‌ । 

লগতে পঢ়ক: বিছাই জ্বলা-কলা খুৱাইছে মৰাপাট খেতিয়কক ভৱিষ্যত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.