thumbnail

বজাৰ কৰিবলৈ যোৱা দুই আৰক্ষীক তিনি দুৰ্বৃত্তৰ প্ৰহাৰ

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 7:06 AM IST

চামগুৰি, 7 জানুৱাৰী :  নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ মোৱামাৰী আৰক্ষী পহৰা চকীৰ দুজনকৈ আৰক্ষী জোৱানক তিনিজনীয়া দুৰ্বৃত্তৰ দলে উপৰ্যুপৰি প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰাৰ গুৰুতৰ ঘটনা পোহৰলৈ আহিছে ৷ থানাৰ পৰা বজাৰ কৰিবলৈ যোৱাৰ পথত তিনি দুৰ্বৃত্তই আক্ৰমণ কৰে দুয়োজন আৰক্ষী জোৱানক। আঘাতপ্ৰাপ্ত আৰক্ষী জোৱান কেইজন জালাল উদ্দিন আহমেদ আৰু সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে । ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষী জোৱান দুয়োজনকে কাৱৈমাৰী নুৰুল হুছেইন এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে ৷

এই ঘটনাৰ পিচতে আৰক্ষীৰ এটা দলে তিনিজনীয়া দুৰ্বৃত্তৰ দলটোক বিচাৰি অভিযান চলাই জুলহাছ আলী নামৰ এটা দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয় ৷ যদিও গাফাৰ আৰু ৰকী নামৰ দুই দুৰ্বৃত্তই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: গোৱালপাৰাত বৃহৎ পৰিমানৰ জালনোট জব্দ, এজন আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.