পানবজাৰ থানাত উপস্থিত অম্লানজ্যোতি

By

Published : Sep 11, 2022, 2:16 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
পানবজাৰ থানাত উপস্থিত হৈছে অম্লানজ্যোতি দত্ত । শিক্ষক ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ হোৱাৰ খবৰ শুনা মাত্ৰেই পানবজাৰ থানাত উপস্থিত হৈছে অম্লানজ্যোতি ৷ অম্লানৰ লগত আন বহু কেইজন ছাত্ৰও পানবজাৰ থানাত উপস্থিত হৈছে (police summon Amlan Jyoti Dutta for interrogation) ৷ অম্লানে জনোৱা অনুসৰি, তেওঁলোকৰ হাতত আছে বহুখিনি তথ্য ৷ লগতে তেওঁলৈ বহু ছাত্ৰৰ ফোন অহাৰ কথাও সদৰী কৰি এই সকলো তথ্য আৰক্ষীৰ ওচৰত দাখিল কৰা বুলি জনায় ৷ কেবাখনো জিলাত অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত এটা পদৰ বিনিময়ত 5/7 লাখ টকাকৈ লোৱা হৈছে বুলিও আন এক চাঞ্চল্যকৰ মন্তব্য দাঙি ধৰে ছাত্ৰজনে ৷ সংবাদমাধ্যমৰ আগত অম্লানজ্যোতি দত্তই আৰু অধিক তথ্য আৰক্ষীৰ ওচৰত দাঙি ধৰিছে বুলি সদৰী কৰে ৷ লগতে ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি কৰা অভিযোগ সম্পূৰ্ণ সঁচা বুলি দাবী কৰিছে ছাত্ৰগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.