PM Vishwakarma scheme: দুলীয়াজানত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি উদ্বোধনত মন্ত্ৰী-বিধায়কৰ অংশগ্ৰহণ - প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি উদ্বোধন
🎬 Watch Now: Feature Video
Published : Sep 17, 2023, 7:58 PM IST
মৰাণ, ১৭ ছেপ্টেম্বৰ: শিক্ষিত যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰি দেশৰ পৰা নিৱনুৱা সমস্যা নোহোৱা কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে নতুন নতুন আঁচনি । এইবাৰ গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ পৰম্পৰাগত হস্ত কাৰিকৰী শিল্পীৰ সহায়ৰ বাবে আজি শুভাৰম্ভ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ 'প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি' । সমগ্ৰ দেশৰ লগতে দুলীয়াজানতো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ।
ডিব্ৰুগড় জিলাৰ দুলীয়াজান ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে কেইবাগৰাকীও জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু অইলৰ বিষয়া উপস্থিত থাকে ।
উল্লেখযোগ্য যে দেওবাৰে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰকল্প উদ্বোধন কৰা অনুষ্ঠানত দুলীয়াজানত এইদৰে মন্ত্ৰী-বিধায়কসকলে ভাৰ্চুৱেলি অংশ গ্ৰহণ কৰে । এই আচঁনিৰ জড়িয়তে নিৰ্বাচিত হিতাধীকাৰীক ব্যৱসায় আৰম্ভ কৰিবলৈ কোনোধৰণৰ বন্ধক নোহোৱাকৈ ৫% সুতৰ হাৰত ১ লাখ আৰু ২ লাখ টকা লাভ কৰিব ।
লগতে পঢ়ক:’PM Vishwakarma’ scheme : আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ‘পি এম বিশ্বকৰ্মা’ আঁচনি
TAGGED:
PM Vishwakarma scheme