thumbnail

Physically challenged man bagged help: শাৰীৰিকভাৱে অক্ষম স্বামীক লৈ পত্নীৰ হিয়াভঙা কান্দোন

By

Published : Nov 17, 2022, 10:14 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

"মুখ্যমন্ত্ৰী ডাঙৰীয়া আমালৈ চকু মেলি চাওক, আমাক সহায় কৰক ৷ আমাৰ থাকিবলৈ ঘৰো নাই, আমাক থকাৰ ব্যৱস্থা কৰি দিয়ক ৷ আমাৰ উপাৰ্জনৰ এটা সমল গোটাই দিয়ক ৷" শিৱসাগৰ জিলাৰ আমগুৰিত শাৰীৰিকভাৱে অক্ষম স্বামীক লৈ পত্নীৰ হিয়াভঙা কান্দোন ৷ দিকচু খনিকৰ গাঁৱৰ দেৱানন্দ খনিকৰ নামৰ শাৰীৰিকভাৱে অক্ষম ব্যক্তিজনে আজি পৰ্যন্ত লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাসগৃহকে ধৰি কোনো ধৰণৰ চৰকাৰী সুবিধা (Physically challenged man bagged help )৷ বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিক বাৰম্বাৰ আৱেদন- নিৱেদন জনোৱাৰ পিছতো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে কোনো সহাৰি লাভ নকৰিলে ৷ যি সময়ত ৰাজ্য চৰকাৰে শাৰীৰিকভাৱে সক্ষম লোকৰ কাৰণে বিভিন্ন চৰকাৰী সুবিধা প্ৰদান কৰে, তেনে সময়তে দুৰ্ভগীয়া দেৱানন্দ খনিকৰৰ পৰিয়ালে কোনো চৰকাৰী আঁচনি লাভ নকৰাতো দুৰ্ভাগ্যজনক বুলি সংবাদমাধ্যমৰ আগত আক্ষেপ কৰে লোকজনে (Physically challenged man bagged help from Assam govt) ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.