Nagaon district day: কলিয়াবৰত নগাঁও জিলা দিৱস উদযাপন

By

Published : Mar 27, 2023, 10:45 PM IST

thumbnail

কলিয়াবৰ,২৭ মাৰ্চ: ১৯০ টা বৰ্ষ অতিক্ৰম কৰিলে নগাঁও জিলাই । সেয়েহে জিলাখনত উদযাপন কৰা হৈছে জিলা দিৱস (Nagaon district day celebrating in Nagaon district) । নগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনেও উদযাপন কৰে নগাঁও জিলা দিৱস । উক্ত দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে কুঁৱৰীটোলস্থিত গান্ধী খেলপথাৰৰ পৰা বাহিৰ কৰে এক শোভাযাত্ৰা(190th Foundation Observed in Kaliabar) ।  

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি চৰকাৰী কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত(Nagaon district day cultural rally in Kaliabar) । কুঁৱৰীটোল গান্ধী খেল পথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ অন্ত পৰে মহকুমাধিপতিৰ কাৰ্যালয়ত । উল্লেখযোগ‍্য যে, ১৮৩৩ চনৰ ২৭ মাৰ্চত মৰিগাঁও-হোজাইক সামৰি ঐতিহাসিক নগাঁও জিলা গঠিত হৈছিল । গাঁওসভা আৰু বুথ সভাৰ মাধ্যমেৰে জিলাখনৰ সকলো নাগৰিককে সামৰি ১৯০ সংখ্যক নগাঁও জিলা দিৱস উদযাপন কৰা হৈছে । 

লগতে পঢ়ক: Sonowal Kachari Youth Festival: ডিব্ৰুগড়ত পাঁচ হাজাৰ নাচনীয়ে একেলগে নাচিলে লেচেৰী নৃত্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.