Sonitpur DC Press Conference: খেল মহাৰণ-সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি শোণিতপুৰত - Khel Maharan Assaam
🎬 Watch Now: Feature Video
Published : Oct 17, 2023, 8:45 PM IST
তেজপুৰ,১৭ অক্টোবৰ: অহা ২৫ অক্টোবৰৰ পৰা সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ'ব খেল মহাৰণ আৰু অসম সাংস্কৃতিক মহাসংগ্ৰাম । অসমৰ সকলো জিলা আৰু পঞ্চায়তৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰিছে এই খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম । এই প্ৰস্তুতিৰ বিষয়ে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এক সংবাদমেল সম্বোধন কৰি কয় যে খেল আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহত অন্তৰ্ভুক্ত হ'বলৈ ইতিমধ্যে পঞ্জীয়ন চলি আছে ।
প্ৰতিযোগীয়ে নিজ নিজ পঞ্চায়ত কাৰ্যালয়, ৱাৰ্ড কাৰ্যালয়ৰ পৌৰসভাৰ এলেকাত নাম দিব লাগিব । ইতিমধ্যে জিলাখনত খেলৰ বাবে যথেষ্ট সংখ্যক প্ৰ-পত্ৰ আহিছে যদিও সাংস্কৃতিক মহাৰণৰ বাবে নিচেই কম সংখ্যকে আবেদন গ্ৰহণ কৰিছে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ১২ বছৰ বয়সৰ পৰা ১৮ লৈ আৰু ১৯ বছৰৰ পৰা ২৪ আৰু ২৫ বছৰৰ পৰা উৰ্ধৰ ৩৪ বছৰলৈ তিনিটা শাখাত সাংস্কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰিব পাৰিব ।
নিৰ্দিষ্ট জন্মৰ প্ৰমাণ পত্ৰ লগত দাখিল কৰিব লাগিব আৰু খেলৰ বাবে মহিলা আৰু পুৰুষৰ ১৯ ৰ ভিতৰত আৰু তাতকৈ উৰ্ধৰ উভয়ে অংশগ্ৰহণ কৰিব পাৰিব । একমাত্ৰ মহিলাৰ ফুটবলৰ ১৯ বছৰৰ উৰ্ধৰ অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
লগতে পঢ়ক: Beneficiary controversy: সংবাদমাধ্যমেহে শিক্ষকসকলক হিতাধিকাৰী সজাইছে: জয়ন্ত মল্ল বৰুৱা