Poor Road Condition: পথ নে পথাৰ ? বোকাময় পথে জীয়াতু ভুগাইছে নাওপাৰা গাঁওবাসীক - Pathetic Condition of a Road

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 22, 2023, 5:35 PM IST

ধেমাজি, 22 জুন: বিকাশ আৰু পৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজি জিলাৰ জোনাই বিধান সভা সমষ্টিৰ চিৰিপানী গাওঁ পঞ্চায়তৰ অধীনৰ নাওপাৰা গাঁৱৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক ৷ বাৰিষাৰ সময়ত পথ নে পথাৰ নে নদীৰ সুঁতি ধৰিবই নোৱাৰি ৷ এই পথেৰেই দৈনিক যাতায়ত কৰিব লগীয়া হয় স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী ৷

বিশেষকৈ বাৰিষাৰ সময়ত পথত সৃষ্টি হোৱা একাঠু বোকা আৰু পানীৰ বাবে জীয়াতু ভুগি আহিছে বৃহত্তৰ অঞ্চলবাসীয়ে ৷ বিধ্বস্ত পথটোৰ বাবেই কণ কণ শিক্ষাৰ্থী আৰু জৰুৰী অৱস্থাত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে গাঁওবাসী ৷ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে 108 সেৱাৰ বাহন ৷ পথটো নিৰ্মাণৰ বাবে সংশ্লিষ্ট বিভাগক বহুবাৰ আবেদন জনাই অহাৰ পাছতো আজিকোপতি সুদৃষ্টি নিদিলে ৰজাঘৰীয়াই ৷  

ৰাইজৰ অভিযোগ কেৱল নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে মনত পেলাই ৰাইজক ৷ লংকা পালে ৰাৱন হোৱাৰ দৰে ক্ষমতা দখলৰ পিছত ৰাইজলৈ ঘূৰি চাবলৈ কাৰো আহৰি নাই ৷ উন্নয়নৰ শ্ল’গান দিয়া চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰি তেওঁক বৰ্তমান বোকাময় পথটো প্ৰত্যক্ষ কৰি শীঘ্ৰেই নিৰ্মাণ কৰিবলৈ দাবী জনায় ক্ষুব্ধ ৰাইজে ৷

লগতে পঢ়ক: AJYCP hold protest in Lakhimpur: লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.