ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা পঞ্চায়তৰ সদস্যৰ - Panchayat member suicide in Manikpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2022, 8:00 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

মাণিকপুৰত ৰহস্যজনক আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে ৷ ঋণৰ বোজা সহিব নোৱাৰি আত্মহননৰ পথ বাচি ল’বলগীয়া হয় পঞ্চায়তৰ এজন সদস্যই (Panchayat member committed suicide) ৷ ডোমপাৰা ৱাৰ্ডৰ প্ৰাক্তন সদস্য বিকাশ ৰায়ে শুকুৰবাৰে পুৱা নিজ বাসগৃহতেই চিপজৰী লৈ আত্মহত্যা কৰে ৷ কিন্তু বিকাশৰ এই আত্মহত্যাৰ অন্তৰালত এক বিশেষ কাৰণ থকা বুলি চৰ্চিত হৈছে (Panchayat member suicide in Manikpur) ৷ অভিযোগ অনুসৰি মাণিকপুৰ গাঁও পঞ্চায়তৰ ডোমপাৰা কমৰগাঁৱৰ প্ৰাক্তন সদস্য বিকাশ ৰায়ে 2014 চনত ডোমপাৰাত এটা চি চি ব্লকৰ পথ নিৰ্মাণৰ ঠিকাৰ দায়িত্ব লৈছিল ৷ বিকাশ ৰায়ে বিভিন্ন জনৰ পৰা ঋণ লৈ প্ৰায় 8 লাখ কাম কৰি ৰাস্তা নিৰ্মাণ কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কামৰ টকা আদায় দিয়া নাছিল (Suicide case in Bingaigaon) ৷ সেয়ে উপায়ন্তৰ হৈ বিকাশে মানিকপুৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা 3.50 লাখ টকা লোন লৈ পূৰ্বৰ পথ নিৰ্মাণৰ বাবে অনা ধন পৰিশোধ কৰিছিল । ইয়াৰ পিছতেই বিকাশে পুনৰ বেংকৰ পৰা লোৱা ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰাত বেংকৰ পৰাও মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল ৷ এই মানসিক চাপ সহিব নোৱাৰি বিকাশে এই চৰম পথ বাচি লয় বুলি ঘৰৰ লোকে ব্যক্ত কৰিছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.