Paddy warehouse opened: নলবাৰীত অসম চৰকাৰৰ অধীনৰ ধান ভড়াল গৃহৰ শুভ উদ্বোধন - অসম চৰকাৰৰ অধীনৰ ধান ভড়াল মুকলি
🎬 Watch Now: Feature Video
নলবাৰী, 1 এপ্ৰিল : নলবাৰী জিলাৰ মুকালমুৱাৰ কাপলাবড়ীত অসম চৰকাৰৰ অধীনত এটি ধান ভড়ালৰ শুভ উদ্বোধন কৰা হয় । অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত নিৰ্মিত ধান ভড়ালটো মধুৰজ্যোতি ধান ভড়াল নামেৰে নামাকৰণ কৰা হয় । ধান ভড়ালটোৰ শুভ উদ্বোধন কৰে নলবাৰী জিলা কৃষি বিষয়া মুনিন শৰ্মাই । ধান ভড়ালটোত অঞ্চলটোৰ ধান ক্ৰয় কেন্দ্ৰসমূহৰ ধানবোৰ জমা ৰখাৰ উপৰিও কৃষকসকলে নিজেও ধান বিক্ৰী কৰিব পাৰিব বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়াগৰাকীয়ে (Paddy warehouse opened in Nalbari) ।
ধান ভড়ালটোত কৃষকসকলে প্ৰতি কুইণ্টল ধানত 2040 টকাকৈ বিক্ৰী কৰিব পাৰিব । অসম চৰকাৰৰ অধীনৰ মধুৰজ্যোতি ধান ভড়ালটোৰ জৰিয়তে অঞ্চলটোৰ কৃষক ৰাইজে যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে জিলা কৃষি বিষয়াগৰাকীয়ে । ধান ভড়ালটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ কৃষি বিষয়া মুনিন শৰ্মা, মুকালমুৱা মহকুমা কৃষি বিষয়া নীলমণি মেধিৰ লগতে বহুকেইজন কৃষি বিষয়া আৰু অঞ্চলটোৰ কৃষক ৰাইজ ।
লগতে পঢ়ক : Disqualification of Rahul Gandhi: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সৰৱ ধেমাজি কংগ্ৰেছ