thumbnail

Tense Situation in Jonai: মুনমুনি চাপৰিৰ সংঘাতত আহত এজনৰ মৃত্যু

By

Published : Jul 5, 2023, 1:40 PM IST

জোনাই, 5 জুলাই: জোনাইৰ মাজিআলি মুনমুনি চাপৰিত গো-পালক আৰু খেতিয়কৰ সংঘাতত গুৰুতৰভাৱে আহত হোৱা এজনৰ চিকিৎসালয়ত মৃত্যু ৷  ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মাজিআলি মুনমুনি চাপৰিত মঙলবাৰে সন্ধিয়াৰ ভাগত উত্তেজিত কৃষকে গো-পালকৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷ জানিব পৰা মতে মঙলবাৰে গো-পালক সকলে চাপৰিৰ খুটিত এক আলোচনা কৰি থকাৰ সময়তে শতাধিক দুবৃর্তৰ দলে গো-পালকৰ ওপৰত দা, জাঠি-জোঙেৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ তুলিছে গো-পালক সকলে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ আক্ৰমণত গুৰুতৰভাবে আহত 11 জন ক্ৰমে খগেন কুলি, ৰাজেশ পাইট, কানাই পেগু, কাপাই পাতিৰ, লীলাধৰ কুলি, দিনানাথ কুটুম, বিদ্যা পেগু, কৃষ্ণ কান্ত পেগু, চক্ৰজিত চাৰহ, গংগা পাতিৰ, ভীস্মকান্ত পেগুক উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ পাছত গুৰুতৰভাবে আহত জোনাই মহকুমা খুটি পৰিচালনা সমিতিৰ সম্পাদক কানাই পেগু, চঃবঃ মেনজেক দুগ্ধ উন্নয়ন সমিতিৰ সম্পাদক খগেন কুলি, লীলাধৰ কুলি, ৰাজেশ পাইট, কাপাই পাতিৰক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ কিন্তু নিশায়ে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা চলি থকাৰ সময়তে জোনাই মহকুমা খুটি পৰিচালনা সমিতিৰ সম্পাদক কানাই পেগুৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷  

আনহাতে মুনমুনি চাপৰিত আবদ্ধ গো-পালকক উদ্ধাৰৰ বাবে বুধবাৰে পুৱাই আৰক্ষীৰ এটা দল ৰাওনা হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ 

লগতে পঢ়ক: Tense Situation in Jonai: জোনাইৰ মাজিআলি মুনমুনি চাপৰিত খেতিয়ক আৰু গো-পালকৰ সংঘাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.