Rhino terror at Mariani: মৰিয়নিত নলাত আবদ্ধ এশিঙীয়া গঁড় - মৰিয়নিত নলাত আবদ্ধ এশিঙীয়া গঁড়

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 31, 2023, 4:07 PM IST

যোৰহাট,৩১ মে': মৰিয়নিৰ নকছাৰি দহোটীয়া গাঁৱত পুৱাই গঁড়ৰ মুক্ত বিচৰণ ৷ পুৱাৰে পৰা বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গঁড়টো আৱদ্ধ হৈ পৰে নলাত (One-horned rhino trapped in drain in Mariani) ৷ যাৰ পৰিপ্ৰেক্ষিতত আতংকিত হৈ পৰে স্থানীয় ৰাইজ । ইফালে গড়টোৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী লোকসকল ।  

মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি পুৱাই দহোটীয়া গাঁৱৰ পথাৰত মুক্ত বিচৰণ কৰাৰ পাচত কাল ক্ৰমে এটা নলাত আবদ্ধ হৈ পৰে গঁড়টো (Rhino terror at Mariani) । মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যত কিছুদিন ধৰি উক্ত গঁড়টোৱে অৱস্থান কৰি আহিছে ৷ ইতিমধ্যে উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈছে ।  

লগতে গড়টোক ট্ৰেংকুইলাইজ কৰিবলৈ গুৱাহাটীৰ পৰা ট্ৰেংকুলাইজ দল মৰিয়নিলৈ ৰাওনা হোৱা কথা জানিবলৈ দিয়ে মৰিয়নিস্থিত বন বিভাগে (Free roaming of Rhino at Mariani) । গঁড়টো ৰে'ল লাইনৰ কাষত থকা এটা নলাত আবদ্ধ হৈ থকাৰ বাবে ৰে'লৰ গতিবেগ হ্ৰাস কৰি চলাচল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে বন বিভাগে। 

লগতে পঢ়ক: Train scorpio clash at Jonai:ৰে’লে মহতিয়ালে স্ক’ৰপিঅ, এজনৰ অৱস্থা সংকটজনক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.