Guwahati Road Accident:নীলাচল উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:19 PM IST

thumbnail

গুৱাহাটী,30 ছেপ্টেম্বৰ: মহানগৰী মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণ সেতুত শনিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত এজন লোক থিতাতে নিহত হয় । নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷

ঘটনা অনুসৰি, মালিগাঁও উৰণ সেতুৰে তীব্ৰ বেগেৰে আহি আছিল এখন ট্ৰাক । তীব্ৰ বেগী ট্ৰাকখনে প্ৰথমে এখন চিটি বাছত খুন্দা মৰাৰ লগতে 4 খনকৈ বাইক মহতিয়াই নিয়ে । ফলত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে । 

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মালিগাঁৱস্থিত নীলাচল উৰণ সেতুত পথ দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাৰ ফলত উৰণ সেতুখনৰো ক্ষতিসাধন হৈছিল । উৰণ সেতুখনত বিজ্ঞানসন্মতভাৱে স্পীড ব্ৰেকাৰ নিৰ্মাণ নকৰাৰ বাবে সঘনাই দুর্ঘটনা সংঘটিত হৈ আহিছে বুলি প্ৰত্যক্ষদৰ্শীসকলে মন্তব্য কৰিছে ৷

লগতে পঢ়ক:Ranoj Pegu: অক্টোবৰ মাহৰ পৰা বাধ্যতামূলক হ’ব শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ; শিক্ষামন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.