মৰিগাঁও: বিগত ৬ টা দিনে তীব্ৰ আতংকৰ মাজত দিন কটাইছে মৰিগাঁওবাসী ৰাইজে । পবিতৰাৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হে নিদ্ৰা হৰিছে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ লগতে বনবিভাগৰ । ইতিমধ্যে বনৰীয়া ম'হটোৰ আক্ৰমণত এজন নিহত হোৱাৰ বিপৰীতে পাঁচজনকৈ লোক আহত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বনবিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।
পবিতৰাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া ম'হটোৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে মৰিগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলত । স্থানীয় প্ৰশাসনৰ দায়িত্বহীনতাক ধিক্কাৰ স্থানীয় লোকৰ । বনৰীয়া ম'হটোৰ আক্ৰমণত বৃহস্পতিবাৰে নিহত শালমৰা পামৰ তিনি সন্তানৰ পিতৃ দীপক বৰদলৈ নামৰ লোকজন ।
একেদিনাই ম'হ টোৰ নৃশংস আক্ৰমণত শুকুতিপোতা গাঁৱৰ ৰমেন নাথ নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় । ইফালে শনিবাৰেও ম'হটোৰ আক্ৰমণত চিৰদিনৰ বাবে ঘূণীয়া হয় ঘগুৱা বৰঘুলি গাঁৱৰ সত্যব্ৰত বৰদলৈ, উমেশ দাস আৰু ঘন দাস নামৰ লোককেইজন । মৃত দীপকৰ পত্নী বকুলি বৰদলৈসহ তিনি এমাডিমা সন্তান ক্ৰমে, নিবেদিতা, চয়নিকা আৰু ডেৰ বছৰীয়া সন্তান নয়ন জ্যোতিৰ ভবিষ্যত এতিয়া অন্ধকাৰ হৈ পৰিছে ।
কেতিয়াবা বিলত মাছ মাৰি আৰু কেতিয়াবা আনৰ ঘৰত হাজিৰা কৰি দীপকে পৰিয়ালটোক পোহপাল দিছিল । দীপকৰ মৃত্যুৰ পাছত মূৰত সৰগ ভাঙি পৰিছে বকুলিৰ । ইফালে সম্প্ৰতি পথাৰত ইজনৰ পাছত সিজন কৃষকক আক্ৰমণ কৰি চিৰঘূণীয়া কৰিছে ম'হটোৱে । ম'হটোৰ সন্ত্ৰাসত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়, পথাৰলৈ সাহস কৰা নাই পিতৃ-মাতৃয়ে ।
ইফালে ম'হটোক খেদিবৰ বাবে ৰাবাৰৰ গুলী ব্যৱহাৰ কৰাৰ লগতে জেচিবি ব্যৱহাৰ কৰিছে বনবিভাগ । ইয়াৰ মাজতে দুদিন অন্তৰ্ধান হৈ পুনৰ মঙলবাৰে গেৰুৱা আটি পথাৰত ম'হটো দেখি ৰাইজৰ মাজত হুৱা দুৱা লাগে । ম'হটোক ট্ৰাংকুলাইজ কৰাৰ বাবে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু এটি বিশেষজ্ঞৰ দল গেৰুৱা পথাৰত উপস্থিত হৈ দুই তিনিখন জেচিবিৰে ম'হটোক আগুৰি লৈ গুলী নিক্ষেপ কৰাৰ পিছতে ম'হটো ভিৰাই লৰ মাৰি অদৃশ্য হৈ পৰে ।
বুধবাৰে পুনৰ বন বিভাগৰ লোকে দ্ৰোণ কেমেৰাৰ সহায়ত ম'হটোৰ অৱস্থিতি নিৰীক্ষণ কৰিছে যদিও কোনো অৱস্থিতি পোৱা নাই । ফলত আতংকিত হৈ পৰিছে ৰাইজ । ইফালে স্থানীয় ৰাইজক সজাগ কৰাৰ উদ্দেশ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়,"সাধাৰণ নাগৰিকক আমি এষাৰ কথাই ক'ব বিচাৰোঁ যে ম'হটোক দেখিলে বনবিভাগ, আৰক্ষী বা প্ৰশাসনক খবৰ দিয়ক । কোনোৱে যাতে ম'হটোক দেখিলে পিছে পিছে হুলস্থূল কৰি চাবলৈ নাযায় । আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । বনবিভাগ তথা আৰক্ষী সক্ৰিয় হৈ আছে । অতি সোনকালে আমি ম'হটোক ধৰিবলৈ আমি সক্ষম হ'ম ।"