কোকৰাঝাৰ : এসময়ত তেওঁলোক আছিল দুৰ্ধৰ্ষ চোৰাংচিকাৰী । কিন্তু বনভূমিৰ বন্যপ্ৰাণীৰ চোৰংচিকাৰৰ কৰি তেওঁলোকে ত্ৰাসৰ সৃষ্টি কৰিছিল । কিন্তু তেওঁলোক এতিয়া প্ৰকৃতিৰ বন্ধু হৈ পৰিছে, বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণত নিজকে সমৰ্পণ কৰিছে । তেওঁলোকে এতিয়া কোকৰাঝাৰ জিলাত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ আৰু লতামাকৰি বাঘকে (clouded leopard, Neofelis nebolusa) ধৰি কেইবাটাও বিপদাপন্ন প্ৰজাতিৰ ৰক্ষকলৈ ৰূপান্তৰিত হৈছে ।
অডেন মুছাহাৰী আৰু ফন্দিপ নাৰ্জাৰী হৈছে এনে দুজন চোৰাংচিকাৰী যিয়ে ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ অধিবাসীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ বন বিভাগ আৰু ৰাইমনা গ'ল্ডেন লেঙ্গুৰ ইক'-টুৰিজম ছ'চাইটীত যোগদান কৰিছে ।
"হয়, মই এজন চোৰাংচিকাৰী আছিলোঁ। যেতিয়া চৰকাৰে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে, তেতিয়া আমি বিপদাপন্ন প্ৰজাতিবোৰক সুৰক্ষা দিয়াৰ সিদ্ধান্ত লওঁ ।" অডেন মুছাহাৰীয়ে ইটিভি ভাৰতক কয় ।
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পশ্চিম অসমত অৱস্থিত । ৪০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰে এই উদ্যানখন গোসাইগাঁও আৰু কোকৰাঝাৰ মহকুমালৈ বিয়পি আছে । ২০২১ চনৰ ৫ জুনত ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় । অঞ্চলটো পূৰ্বতে ৰাজধানী 'ৰায়মানা' (ৰাইমনা)ৰ সৈতে ৰিপুদৱাৰ উপনদীৰ অধীনত এক সৰু বসতিস্থল আছিল । কোকৰাঝাৰ চহৰৰ পৰা ৯০ কিলোমিটাৰ ভিতৰত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন ফুলৰ উদ্ভিদ, পখিলা, স্তন্যপায়ী আৰু চৰাইৰে সমৃদ্ধ ।
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত থকা গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীবোৰৰ ভিতৰত হৈছে ঢেকীয়াপতীয়া, নাহৰফুটুকী, হিমালয়ান ক'লা হৰিণ, বনৰীয়া কুকুৰ, বনৰীয়া ম'হ, সুগৰী পহু, ফুটুকী হৰিণ, বৰটোকোলা আদি ।
ৰাইমনা গ'ল্ডেন লেঙ্গুৰ ইক'-টুৰিজম ছ'চাইটী
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোমনাথ নাৰ্জাৰীয়ে কয়, "ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ সময়ত বন বিভাগ আৰু ৰাইমনা গ'ল্ডেন লেঙ্গুৰ ইক'-টুৰিজম ছ'চাইটীয়ে চোৰাংচিকাৰীসকলক মূলসুঁতিলৈ আহিবলৈ যোগাযোগ কৰে, যাতে আমি ৰাইমনাক সুৰক্ষা দিব পাৰোঁ ।"
নাৰ্জাৰীয়ে কয় যে চোৰাংচিকাৰীসকল অতি প্ৰান্তীয় অঞ্চলত বাস কৰিছিল । "বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) প্ৰশাসনে পূৰ্বতে তেওঁলোকক ৫০,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিছিল । অতি কমেও ৫৭ জন চোৰাংচিকাৰীয়ে বন স্বেচ্ছাসেৱক হিচাপে কাম কৰা আৰম্ভ কৰিছে আৰু তেওঁলোকে জীৱিকাৰ বাবে গাইড, টেক্সিচালক হিচাপে কাম কৰাৰ উপৰি এটা হোমষ্টে মুকলি কৰিছে ।"
"যিহেতু তেওঁলোকে (চোৰাংচিকাৰীসকলে) অৰণ্যখনৰ বিষয়ে জানে, সেয়ে তেওঁলোকে বন বিভাগৰ সৈতে কাম কৰে আৰু যেতিয়াই প্ৰয়োজন হয় তেওঁলোকৰ সৈতে যায় ।" নাৰ্জাৰীয়ে কয় ।
ব্ৰজ কুমাৰ বসুমতাৰী নামৰ এজন পৰিৱেশ কৰ্মীয়ে ইটিভি ভাৰতক কয় যে ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা অব্যাহত ৰখাৰ বাবে স্থানীয় সম্প্ৰদায়ৰ আত্মবিশ্বাস অৰ্জন কৰাটো গুৰুত্বপূৰ্ণ ।
"আমি সদায় স্থানীয় লোকসকলক ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ বিষয়ে সজাগ কৰি আহিছোঁ । কিয়নো স্থানীয় লোকসকলক ইয়াৰ সৈতে ব্যস্ত ৰখাটো গুৰুত্বপূৰ্ণ ।" বসুমতাৰীয়ে কয় ।
বিটিচি প্ৰশাসনে গ্ৰহণ কৰা নীতি
"এটা সময়ত মানস আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বৃহৎসংখ্যক চোৰাংচিকাৰী আছিল । ৰাইমনাৰ পৰা কমেও ৫০০ আৰু মানসৰ পৰা ২০০ ৰো অধিক চোৰাংচিকাৰীয়ে আত্মসমৰ্পণ কৰিছে আৰু প্ৰশাসনক সুৰক্ষাৰ কামত সহায় কৰিছে ।" বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে কয় ।
বড়োৰ মতে, তেওঁৰ প্ৰশাসনে এনে চোৰাংচিকাৰীৰ পৰা বন স্বেচ্ছাসেৱক হোৱাসকলক কৃষি, দুগ্ধ আৰু অন্যান্য কাৰ্যকলাপত জড়িত কৰোৱাৰ পৰিকল্পনা কৰিছে ।