গুৱাহাটী : অবৈধ বাংলাদেশীৰ প্ৰৱেশত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সীমান্তৰ নিৰাপত্তাত অধিক গুৰুত্ব দিছে । চুবুৰীয়া ৰাষ্ট্ৰখনত সৃষ্টি হোৱা অস্থিৰ পৰিৱেশৰ পাছত অসম চৰকাৰ বহু বেছি সতৰ্ক হৈ পৰিছে । বিগত সময়ত অসমত অবৈধভাৱে প্ৰৱেশ কৰা বহু বাংলাদেশীক ধৰি ঘূৰাই পঠিওৱা হৈছে । কিন্তু এনে তৎপৰতাৰ পাছতো অসমক ‘ট্ৰেনজিট পইণ্ট' হিচাপে ব্যৱহাৰ কৰি বাংলাদেশৰ পৰা ভাৰতলৈ ব্যাপক হাৰত অব্যাহত আছে মানৱ সৰবৰাহ ।
দেশখনৰ ৰাজনৈতিক অস্থিৰ পৰিৱেশ-পৰিস্থিতিৰ পাছত এনে সৰবৰাহ অধিক হাৰত বৃদ্ধি হৈছে । এইক্ষেত্রত অসম মানৱ সৰবৰাহকাৰীৰ বাবে ‘ট্ৰেনজিট পইণ্ট' হৈ পৰিছে । অসমৰ উপৰি মেঘালয় আৰু ত্ৰিপুৰা সীমান্তৰেও বাংলাদেশৰ কিশোৰী-যুৱতী আৰু কম বয়সীয়া মহিলাৰ ভাৰতলৈ সংগঠিত দুষ্ট তথা দালাল চক্ৰৰ জৰিয়তে সৰবৰাহ চলি আহিছে । মেঘালয় আৰু ত্ৰিপুৰাৰে ভাৰতত প্ৰৱেশ কৰাসকলৰ বাবেও অসমেই হৈছে ‘ট্রেনজিট পইণ্ট' । কাৰণ অসমৰ পৰাহে দেশৰ সকলো প্ৰান্তলৈ যোৱাৰ সুবিধা আছে । সেয়েহে সকলোৰে বাবে অসম ‘ট্রেনজিট পইণ্ট' হৈছে ।
লক্ষণীয় বিষয় যে বিগত কেইবাবছৰ ধৰি ম্যানমাৰৰ পৰা পলায়ন কৰি বাংলাদেশত আশ্ৰয় লৈ থকা ৰোহিংগীয়া কিশোৰী-যুৱতীক লৈ মানৱ সৰবৰাহৰ এটা বৃহৎ নেটৱৰ্ক চলি আহিছে । সেই চক্ৰৰ জালত পৰা কিছু সংখ্যক যুৱতী-মহিলাক উদ্ধাৰ কৰা হৈছে । কিন্তু শেহতীয়াকৈ বাংলাদেশত হোৱা ৰাজনৈতিক অভ্যুত্থানৰ পাছত কেৱল ৰহিংগীয়াই নহয় দেশখনৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ কিশোৰী-যুৱতীৰ সৰবৰাহে গুৰুতৰ ৰূপ ধাৰণ কৰিছে । এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শ পৰ্যায়ৰ এগৰাকী বিষয়াই ।
নাম প্ৰকাশত অনিচ্ছুক আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, "দৰিদ্ৰতাৰ লগতে বিভিন্ন সমস্যাৰে যুঁজ দি থকা পৰিয়ালসমূহক মানৱ সৰবৰাহকাৰী চক্ৰই নানান প্রলোভনৰে তেওঁলোকৰ কিশোৰী-যুৱতী তথা মহিলাক ভাৰতলৈ প্ৰেৰণ কৰে । এনে কেইবাটাও ঘটনাৰ তদন্ত ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া) অব্যাহত ৰাখিছে ৷ এই তদন্তত উন্মোচিত হৈছে বহু গুৰুত্বপূৰ্ণ তথ্য আৰু যিবোৰ ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে অতি বিপজ্জনক বিবেচিত হৈছে ।"
বিষয়াগৰাকীয়ে কয়, "শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সংঘটিত এক হত্যাকাণ্ডৰ তদন্তত বাংলাদেশৰ পৰা চলি থকা ভয়াৱহ মানৱ সৰবৰাহৰ সংযোগৰ তথ্য উদ্ধাৰ হয় । এজন লোকক কৰা হত্যাত চাৰিগৰাকী মহিলা জড়িত থকা বুলি দিল্লী আৰক্ষীয়ে তথ্য লাভ কৰিছিল । এই চাৰিগৰাকী মহিলা বাংলাদেশৰ নাগৰিক আৰু তেওঁলোকক মানৱ সৰবৰাহকাৰী চক্ৰই ভাৰতলৈ আনি দিল্লীত অনৈতিক কাৰ্যত নিয়োজিত কৰিছিল । ইয়াৰ পাছত এই সৰবৰাহৰ বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছিল । মহিলাকেইগৰাকীক বাংলাদেশৰ পৰা মেঘালয়-অসম হৈ দিল্লীলৈ লৈ গৈছিল মানৱ সৰবৰাহকাৰী চক্ৰই ।
অসমৰ মাজেৰে কিদৰে চলিছে মানৱ সৰবৰাহ :
অসমৰে মানৱ সৰবৰাহ চলি থকা ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কয়, "গোৱালপাৰা জিলাৰ একাধিক স্থানক মানৱ সৰবৰাহকাৰী চক্ৰই বিশেষভাৱে ব্যৱহাৰ কৰি আহিছে । ইয়াৰ মূলতে হ'ল মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলৰে হৈ থকা অনুপ্ৰৱেশ । বাংলাদেশৰ পৰা মেঘালয়ৰ বাঘমাৰালৈ মানৱ সৰবৰাহকাৰী চক্ৰই বহু লোকক পঠিয়ায় । নানান কৌশলৰে পঠোৱা মানুহ বাঘমাৰাত উপস্থিত হোৱাৰ পাছত ধৰা পেলোৱা আৰু সহজ হৈ নাথাকে । বাঘমাৰাৰ পৰা মানুহবোৰক গোৱালপাৰা জিলাৰ দুধনৈ আৰু কৃষ্ণাইলৈ প্ৰেৰণ কৰা হয় । তাৰ পাছত লক্ষ্যস্থান হৈ পৰে বঙাইগাঁও ৰে’লৱে ষ্টেছন ।"
তেওঁ লগতে কয়, "বঙাইগাঁৱৰ পৰাই পূৰ্বতে নিৰ্ধাৰণ কৰি থোৱা দেশৰ বিভিন্ন স্থানলৈ কিশোৰী, যুৱতী আৰু মহিলাসকলক প্ৰেৰণ কৰা হয় । একেদৰে গুৱাহাটী ৰে’লৱে ষ্টেছন হ'ল আন এক অভিকেন্দ্র । অসমৰ বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰোৱা মানুহবোৰক প্ৰধানকৈ গুৱাহাটী ষ্টেছনলৈ অনা হয় । গুৱাহাটীৰ পৰাও তেওঁলোকক প্ৰেৰণ কৰা হয় দেশৰ বিভিন্ন ৰাজ্যলৈ । ইয়াৰ পূৰ্বে মানুহবোৰৰ হাতত তুলি দিয়া হয় ভাৰতৰ নাগৰিকৰ জাল নথিপত্র । বহু সময়ত এন লোক ধৰাও পৰে । বাংলাদেশৰ কিশোৰী-যুৱতী আৰু মহিলাসকলৰ কম সংখ্যককহে ঘৰুৱা সহায়কাৰী অথবা দৈনিক উপাৰ্জন কৰিব পৰা কোনো কামত নিয়োগ কৰা হয় । গৰিষ্ঠ সংখ্যক ব্যৱহাৰ কৰা হয় যৌন কর্মী হিচাপে । দিল্লীত সংঘটিত হত্যাকাণ্ডটোৰ লগতো দেহ ব্যৱসায়ী চক্ৰৰ সম্পৰ্ক উদ্ধাৰ হৈছে ।"
তেওঁ লগতে কয়, "ত্ৰিপুৰাৰ পৰা অসম হৈ পশ্চিমবংগলৈকে বিস্তৃত হৈ থকা আন্তঃৰাজ্যিক সীমান্তৰ দুয়োপাৰে এটা সক্ৰিয় ছিণ্ডিকেট চক্ৰৰ তথ্য উদ্ধাৰ হৈছে । এই চক্ৰৰ বিভিন্ন শাখাই মানৱ সৰবৰাহত অহৰহ লিপ্ত হৈ আছে । বাংলাদেশত ৰাজনৈতিক অভ্যুত্থান হোৱাৰ পাছত চক্ৰটোৰ তৎপৰতা অধিক বৃদ্ধি হৈছে । মানুহ বাংলাদেশৰ পৰা সংগ্ৰহ কৰি ভাৰতলৈ প্ৰেৰণ কৰা, ভাৰতত সেই মানুহবোৰক নিজৰ দায়িত্বত লৈ ইয়াৰ নাগৰিকত্বৰ জাল নথিপত্র যোগান ধৰা, মানুহবোৰক ভাগে ভাগে ভাৰতৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰালৈকে চক্ৰটোৰ সক্ৰিয়তাৰ তথ্য উদ্ধাৰ হৈছে । কিশোৰী, যুৱতী আৰু মহিলাৰ বাদেও অন্য লোকো এই চক্ৰটোৱেই সৰবৰাহ কৰি আহিছে । বিভিন্ন সময়ত এনে চক্ৰৰ লোক জালত পৰি আহিছে যদিও সেইসকল এটা ক্ষুদ্র অংশ হোৱা হেতুকে তদন্ত এটা পৰ্যায়লৈ আগবঢ়াৰ পাছত ৰৈ যাবলৈ বাধ্য হয় ।"
আৰক্ষী বিষয়াগৰাকীয়ে কয়, "দিল্লীৰ হত্যাকাণ্ডটোৰ লগত গোৱালপাৰাৰ কৃষ্ণাইৰ আমিনুল ইছলাম নামৰ এজন লোকৰ সংযোগ ধৰা পৰিছে । এই লোকজন বাংলাদেশৰ পৰা মানুহ মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলত প্ৰৱেশ কৰাৰ পাছত নিজৰ বাহনৰে অসমলৈ কঢ়িয়াই অনাৰ দায়িত্বত নিয়োজিত হৈ আছিল । লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তাৰ পৰৱৰ্তী পৰ্যায়ৰ তদন্ত আগবঢ়া নাই । তেনেদৰে এন আই এই বিগত বৰ্ষত চাৰিজন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল । ত্ৰিপুৰাত সক্ৰিয় হৈ অহা এই লোককেইজন আছিল জলিল মিঞা, হান্নান মিঞা, অধীৰ দাস আৰু আনোৱাৰ হুছেইন ওৰফে মামা । তদুপৰি কাজল সৰকাৰ নামৰ এজন লোককো চিনাক্ত কৰা হয় । ধৃত লোককেইজনৰ পৰা সন্তোষজনক তথ্য পৰৱৰ্তী পৰ্যায়ত উদ্ধাৰ নহ'ল । বিগত ২০১৮ চনৰ প্ৰতিবেদন অনুসৰি চুবুৰীয়া দেশখনৰ পৰা ভাৰতলৈ বছৰি ৫০ হেজাৰ শিশু আৰু মহিলাক সৰবৰাহ কৰা হয় । তাৰে অধিকাংশক দেহ ব্যৱসায়ত নিয়োগ কৰা হয় ।" ধাৰণা কৰা হৈছে এই সৰবৰাহৰ আঁৰত এটা শক্তিশালী নেটৱৰ্ক আছে আৰু যিটো নেটৱৰ্ক বহু দূৰলৈ শিপাই আছে ।