NPS workers on strike:কলগাছিয়া হাইস্কুলত এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:33 PM IST

thumbnail

জনীয়া, 22 আগষ্ট : কলগাছিয়া হাইস্কুলত এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি । পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত হাতে হাতে বেনাৰ লৈ কলা বেজ পৰিধান কৰি কৰ্মবিৰতি পালন । দাবী পুৰণ নহ’লে অনাগত দিনত গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ।

অসমৰ চৰকাৰী কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেন্সন ব্যৱস্থা (OPS) পুন:প্ৰৱৰ্তনৰ দাবীত অসমৰ কৰ্মচৰী সমাজৰ কৰ্মবিৰতি পালন । সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থা বৰপেটা জিলা সমিতিৰ উদ্যোগত জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে ৰাতিপুৱা ১০ বজাত কলগাছিয়া হাইস্কুলৰ কৰ্মচাৰীসকলে বিদ্যালয় চৌহদত নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ।

‘এক দেশ এক নীতি পুৰণি পেন্সন আমাৰ দাবী’, এই শ্ল’গান আগত ৰাখি বিদ্যালয়খনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ কেইবাটাও দাবীৰ ভিত্তিত বিদ্যালয়ৰ চৌহদত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এইদৰে কৰ্মবিৰতি পালন কৰে । ৰাতিপুৱা দহ বজাৰ পৰা আৰম্ভ কৰা কৰ্মবিৰতিৰ সময়খিনিত শ্ৰেণী বৰ্জন কৰি ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ শিক্ষা আগ নবঢ়াব বুলিও জানিবলৈ দিয়ে । তেওঁলোকৰ দাবী পুৰণ নহ’লে অনাগত দিনত গণ আন্দোলন গঢ়ি তুলিব বুলিও ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়ক : Most wanted dacoit arrested: দেশৰ ভিন্ন স্থানত ডকাইতি কৰি অসম আৰক্ষীৰ জালত বন্দী ‘‘বুঢ়া ডকাইত’’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.