thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 7:14 PM IST

ETV Bharat / Videos

Inhuman act in Sarupathar: জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড; মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল এজনো লোক

সৰুপথাৰ,১৩ ছেপ্টেম্বৰ: অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ অন্তৰ্গত চুঙাজান পূব নাওকটা গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনত এক ঘটনা । মৃতদেহ সৎকাৰ কৰিবলৈ ওলাই নাহিল এখন গাঁৱৰ এজনো লোক । নাওকটা গাঁৱৰ বাসু কলিতা নামৰ মৃত ব্যক্তিজনৰ মৃত্যুৰ পিছত তেখেতৰ মৃতদেহ সৎকাৰ কৰিবলৈ ওলাই নাহিল গাঁওবাসী ।  

পুৱাৰ ভাগত মৃত্যু হোৱা নাওকটা গাঁৱৰ বাসু কলিতাক সৎকাৰ কৰিবলৈ নাহিল ওচৰ-চুবুৰীয়া কোনো লোক । তামোল-পাণ দি ৰাইজক নিমন্ত্ৰণ দিয়াৰ পিছতো ওলাই নাহিল ৰাইজ । উপায়বিহীন পৰিয়লাটোৱে অৱশেষত খবৰ দিয়ে লাচিত সেনা অসম থলগিৰি নামৰ সংগঠনটোক । অৱশেষত লাচিত সেনা অসম থলগিৰি সদস্যসকলৰ লগতে পৰিয়ালৰ লোকসকল উপস্থিত থাকি লোকজনক সৎকাৰ কৰে ।  

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে কেতবোৰ বহু প্ৰশ্নৰ । জীৱশ্ৰেষ্ঠই চন্দ্ৰত ঘৰ সজাৰ সপোন দেখাৰ সময়ত এলান্ধুকলীয়া নীতিকে সাৱটি ৰাখি কিয় এলাগী কৰিলে এই পৰিয়ালটোক ? জানিবপৰামতে সমাজৰ খেলত উপস্থিত নথকাৰ বাবে খেলৰ পৰা এঘৰীয়া কৰা হৈছিল দুৰ্ভগীয়া পৰিয়ালটোক । সেয়ে মৃতদেহ সৎকাৰ কৰিবলৈ ওলাই নাহিল এজনো লোক ।  

লগতে পঢ়ক: GP Singh meets MLA Sushata Borgohain: মাতৃহাৰা বিধায়ক সুশান্ত বৰগোহাঁইক সাক্ষাৎ জি পি সিঙৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.