thumbnail

By

Published : May 30, 2023, 12:33 PM IST

ETV Bharat / Videos

Junmoni Rabha death case:দোষী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত নিখিল ভাৰত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজি, 30 মে’ : নগাঁও জিলাৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলি আছে ৷ প্ৰথমাৱস্থাত চি আই ডি য়ে আৰম্ভ কৰা তদন্ত পিচলৈ চি বি আইৰ হাতত অৰ্পণ কৰা হয় ৷ ৰাজ্যৰ চুকে কোণে এতিয়াও প্ৰতিজন অসমীয়াই বিচাৰে এই অনাকাংক্ষিত পথ দুৰ্ঘটনাৰ উচিত তদন্ত হওক ৷ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে প্ৰতিদিনেই ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে (Junmoni Rabha death case) ৷

স্বচ্ছ, নিৰপেক্ষ অনুসন্ধান আৰু দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদানৰ দাবীত মংগলবাৰে ধেমাজি সদৰত নিখিল ৰাভা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি, নিখিল ৰাভা সাহিত্য সভা ধেমাজি জিলা সমিতি, ৰাভা উন্নয়ণ পৰিষদ দাবী সমিতি ধেমাজিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Nikhil Rabha students union hold protest) ৷

প্ৰখৰ ৰ’দকো নেওচি দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আমাক ন্যায় লাগিবই ,দোষীক শাস্তি দিব লাগিবই আদি বিভিন্ন দাবীৰে ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে  ৷ প্ৰতিবাদকাৰীসকলে ক্ষুব্ধ হৈ কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি দি ন্যায় দিবই লাগিব, অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক : Two persons detained with drugs:লখিমপুৰত নিশা ড্ৰাগছ সহ দুজনক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.