Felicitation programme in Moran: DAC ৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীক সম্বৰ্ধনা জ্ঞাপন - Felicitation programme in Moran
🎬 Watch Now: Feature Video

দেউৰী জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু সামগ্ৰীক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল দেউৰী স্বায়ত্ব পৰিষদ(Deori Autonomous Council) । ২০০৭ চনত প্ৰথম ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ব পৰিষদ গঠন কৰিছিল । ৰাজ্যৰ কেইখনমান জিলাতহে দেউৰী ৰাইজৰ বসতিস্থল থকা বাবে কেইখনমান জিলা সামৰি গঠন কৰা হৈছে দেউৰী স্বায়ত্ব পৰিষদ । বহু জল্পনা কল্পনাৰ অন্তত এইবাৰ ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী সদস্য হিচাপে লৈ গঠন কৰা হ'ল দেউৰী স্বায়ত্ব পৰিষদ । মন্ত্ৰী যোগেন মহনৰ(Minister Jogen Mohan) উপস্থিতিত নৱ গঠিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱ- নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীক বৃহস্পতিবাৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়(Newly elected CEM of DAC Bhairab Deori felicitated) ।
Last Updated : Feb 3, 2023, 8:37 PM IST