Seized huge amount of drugs: খাদ্য সামগ্ৰীৰ পেকেটত ওলাল গাঞ্জা - গাঞ্জা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-11-2023/640-480-19937883-thumbnail-16x9-ganja.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 4, 2023, 9:05 AM IST
বঙাইগাঁও, 4 নৱেম্বৰ : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান ৷ অভিযান কালত ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা । বিস্কুট, নুডলছ আৰু চিপছৰ পেকেটত ওলাল এইবাৰ গাঞ্জা ৷ নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অসম ৰেল আৰক্ষীৰ সফল অভিযান ৷ 14619 ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ২০ কেজি গাঞ্জা । এই গাঞ্জাখিনি সৰবৰাহ কৰিছিল তিনিগৰাকীকৈ মহিলাই ৷ তেওঁলোকৰ লগত পাঁচটি শিশুও আছিল বুলি জানিব পৰা গৈছে ।
ত্ৰিপুৰাৰ আগৰতলাৰ পৰা এই গাঞ্জাখিনি বিহাৰলৈ লৈ যোৱাৰ সময়ত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত নিউ বঙাইগাঁও জি আৰ পিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলোৱা অভিযানত জব্দ কৰা হয় গাঞ্জাখিনি ৷ আটকাধীন মহিলা তিনিগৰাকীৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিউ বঙাইগাঁও জি আৰ পিয়ে ।
লগতে পঢ়ক : Drugs Paddler Detained : বঙাইগাঁৱৰ শালবাগানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী