মেষ ৰাশি : নতুন পোছাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে । বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । খোৱা, ক্ৰয় কৰা আৰু আনন্দ কৰাৰ সময় । সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব । নতুনকৈ লগ পোৱা মানুহৰ লগত ভাবি চিন্তিহে বন্ধুত্ব কৰিব । স্বাস্থ্যৰ যতন লওক ।
বৃষ ৰাশি : ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অতি লাভজনক হ’ব । সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব । বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ।
মিথুন ৰাশি : এটা সাধাৰণ দিন । নতুন কামক স্থগিত কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ৷ সামাজিক যোগাযোগ সীমিত হ’ব আৰু সন্তানৰ বাবে চিন্তা থাকিব । ঘৰুৱা পৰিবেশ বন্ধুত্বপূৰ্ণ হ’ব আৰু কোনো সৃজনশীল কামৰ বাবে প্ৰেৰণা লাভ কৰিব । সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ।
কৰ্কট ৰাশি : গভীৰ চাপত থাকিব; বিৰক্তি আৰু অলসতাই আপোনাক বেৰি থাকিব পাৰে । দোদুল্যমান মনক নিয়ন্ত্ৰণ কৰক আৰু মনটো স্থিৰ কৰক । যাত্ৰাৰ পৰিকল্পনা সলনি কৰক, কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় । মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক । আজি নতুন কামৰ আৰম্ভণি কৰিলে সফলতা নাপাবও পাৰে ।
সিংহ ৰাশি : যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটো তাৰ বাবে অতি শুভ । বিনিয়োগৰ বাবেও উপযুক্ত সময় । মাতৃৰ শৰীৰ ভাল নাথাকিব । ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো নল’ব । সতৰ্ক হৈ থাকক ।
কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । ঘৰত থকা আজৰি সময়ত, আপুনি পৰিয়াল কেন্দ্ৰীক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়া সময়খিনি কটাওক ।
তুলা ৰাশি : সন্তুলিত আৰু মনোযোগী হ’ব । পুৱা খোজকাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একেসময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা মনোমালিন্য দূৰ কৰিব পাৰে । কামত আপোনাৰ অহংকাৰক মাজত আহিবলৈ নিদিব ৷
বৃশ্চিক ৰাশি : ইতিবাচক দিন হ’ব । নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক । আইনী কাম-কাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ’ব পাৰে । আপুনি উৎসাহিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব আৰু সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব । চিনেমা বা খেলাধূলাৰ দৰে বিনোদনশীল কাৰ্যত মনোনিবেশ কৰিব পাৰে ।
ধনু ৰাশি: আশীৰ্বাদৰ বৃষ্টি হ’ব; দিনটো আপোনাৰ বাবে লাভজনক হ’ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । আনৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব; আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । গাড়ী চলাওতে সতৰ্ক হওক আৰু কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।
মকৰ ৰাশি : আপুনি বিচৰা সকলো পাব । সম্পত্তি বিষয়ক লেনদেনৰ বাবে উপযুক্ত সময় । কৰ্মস্থলীত, আপুনি কামৰ আৰম্ভ কৰিব আৰু সম্পূৰ্ণ কৰিব । আপোনাৰ বচক প্ৰভাম্বিত কৰিব পাৰিব । পদোন্নতিৰ সুযোগ পাব পাৰে । পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক । আপোনাৰ সপোন পূৰণ কৰাৰ সময় ।
কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অবলম্বন কৰিব লগা হ’ব পাৰে । কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক; উপকৃত হ’ব । মধ্যাহ্নৰ পিছত কৰ্মস্থলীত পৰিবেশ আপোনাৰ পক্ষতে থাকিব আৰু অধিক শান্ত হ’ব । ঘৰতো একেই পৰিবেশ থাকিব; শান্তিপূৰ্ণ পৰিবেশে আপোনাক আনন্দিত আৰু উৎসাহিত কৰিব । প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ’ব পাৰে । ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে ।
মীন ৰাশি : নিজকে অধিক ভালদৰে জানিবৰ বাবে চেষ্টা কৰাৰ সম্ভাবনা আছে । নিজৰ চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক । ভৌতিক বিষয়ৰ উপৰিও, আনন্দৰে আৰম্ভ আৰু অন্ত পৰা বিষয়ত আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে । কিছু সময়ৰ বাবে মনে মনে বহক আৰু নিজকে নিৰীক্ষণ কৰক; আত্ম বিশ্লেষণ কৰিব পাৰে । কৰ্মস্থলীত সতৰ্ক হওক । সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আতঁৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে । স্বাস্থ্যৰ যতন লওক ।