Manipur Crisis: মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ নেমছুৰ - মণিপুৰত মহিলা ধৰ্ষণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2023, 6:05 PM IST

ৰৌতা, 21 জুলাই: মণিপুৰত মহিলা ধৰ্ষণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ মণিপুৰত সৃষ্টি হোৱা অৰাজকতাক লৈ দুখ প্ৰকাশ কৰিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুয়ে (North-East Minorities Students' Union) ৷  

এই সন্দৰ্ভত শুকুৰবাৰে নেমছুয়ে ৰাষ্ট্ৰপতিলৈ ই-মেইলযোগে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ এই সন্দৰ্ভত সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামে সাংবাদিকৰ আগত কয় যে মণিপুৰত জুই জ্বলিছে, অশান্ত হৈ পৰিছে, মানুহ মৰিছে ৷ কিন্তু প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণত ব্যস্ত থাকে ৷  

ৰাহুল গান্ধী মণিপুৰলৈ আহিব পাৰে কিন্তু ৫৬ ইঞ্চিৰ বুকু থকা প্ৰধানমন্ত্ৰীয়ে কিয় মণিপুৰলৈ আহিব নোৱাৰে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে একাংশ লোকে মোদীক ভগৱান বুলি ভাৱে ৷ কিন্তু অশান্ত মণিপুৰ শান্ত কৰিবলৈ ভগৱান আজি ক’ত বুলিও নেমছুৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে ।

লগতে পঢ়ক: Priyanka Gandhi slams PM Modi : মণিপুৰৰ হিংসাক লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.