Kaziranga National Park: কাজিৰঙাৰ ৰূপত মোহাচন্ন বাটৰুৱা - কাজিৰঙাৰ ৰূপত মোহাচন্ন বাটৰুৱা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 26, 2023, 8:33 PM IST

কাজিৰঙা,২৬ মে': প্ৰতি ঋতুতেই অপৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । এতিয়া এজাৰ ফুলাৰ বতৰ । এজাৰবুলীয়া ৰাজ্যৰ আকাশ । এজাৰবুলীয়া ওৰণি টানিছে কাজিৰঙাই (Beautiful view of Kaziranga) । তাতে হৰিণিৰ নাচোন । এই অনুপম সৌন্দৰ্যই স্থৱিৰ কৰিছে বাটৰুৱাৰ খোজ । কাজিৰঙাৰ কাঞ্চনজুৰি যেন অপৰূপা গাভৰু (Natural Beauty of Kaziranga National Park) ।  

পৰ্যটন বৰ্ষ সমাপ্ত হ'ল । কিন্তু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন্যজন্তুৰ অপৰূপ সৌন্দৰ্য চাবলৈ ৰাষ্ট্ৰীয় ঘাইপথত ভিৰ কৰিছে উজনি-নামনি যাত্ৰীয়ে । পথেদি যোৱা যাত্ৰীক যেন বিমুখ নকৰিলে উদ্যানখনৰ বন্যজন্তুৱে (Colourful Kaziranga National Park) । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে গঁড়,হৰিণ,বনৰীয়া ম’হ চৰি থকা মনোমোহা দৃশ্যৰ এপলক সাক্ষী হৈ ৰ’ল বহু যাত্ৰী । ইফালে পথৰ দুয়োকাষে ফুলা ফুলৰ ৰঙীন সমাহাৰৰে মোহাচন্ন কৰিলে বহু যাত্ৰীক । যাত্ৰাকালত ফটো উঠি স্মৃতিৰ পেৰাত ভৰাই লৈ গ’ল বহু যাত্ৰীয়ে । 

লগতে পঢ়ক: Suicide at Bogibeel bridge: বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ ছাত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.