National Nutrition Month: গোলাঘাটত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন
🎬 Watch Now: Feature Video
প্ৰতিবছৰে 1 ছেপ্টেম্বৰৰ পৰা দেশ তথা ৰাজ্যজুৰি মাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয় পোষণ মাহৰ কাৰ্যসূচী (National Nutrition Month programme organized) ৷ পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে গোলাঘাটতো আয়োজন কৰা হয় পোষণ মেলা ৷ এই মেলাত উপস্থিত থাকে শিশুসকলৰ লগতে মহিলা আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ (Minister Ajanta Neog) । অনুষ্ঠানটোত উপস্থিত থাকি জিলাখনৰ কেইবাটাও স্বাস্থ্যৱান শিশুক মন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে পোষণ উপহাৰ প্ৰদান কৰাৰ লগতে শিশু আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ হ'বলৈ সকলোকে আহ্বান জনায় । অনুষ্ঠানতেই মন্ত্ৰীগৰাকীয়ে পোষণ মাহৰ সৈতে সংগতি ৰাখি আয়োজিত কেইবাটাও প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰাৰ লগতে পোষণ মেলাৰ মূল সভাত অংশগ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST