Niyog Mela in Nagaon: মুখ্যমন্ত্ৰীৰ নিযুক্তি মেলাৰ বিপৰীতে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ নিয়োগ মেলা - সাংসদ প্ৰদ্যুৎ বৰদলৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 31, 2023, 10:20 PM IST

নগাঁও, ৩১ জুলাই: চৰকাৰী নিযুক্তিৰ বিপৰীতে শিক্ষিত যুৱক-যুৱতীক দেশৰ বিভিন্ন আগশাৰীৰ ব্যক্তিগত কোম্পানীত সংস্থাপন দিয়াৰ উদ্দেশ্যৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জিলাখনত আয়োজন কৰে নিয়োগ মেলাৰ । দেওবাৰে অনুষ্ঠিত হোৱা নিযুক্তিৰ সাক্ষাৎকাৰত প্ৰায় তিনি সহস্ৰাধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল । সোমবাৰে নিয়োগ মেলাৰ জৰিয়তে প্ৰথম পৰ্যায়ত ৬০০ প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰৰ লগতে নিয়োগ মেলাৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয় ।

নিয়োগ মেলাত নগাঁও জিলাৰ উপৰিও আন আন জিলাৰো নিবনুৱায়ো নিযুক্তি বিচাৰি আবেদন কৰা বুলি জানিব পৰা গৈছে । আগশাৰীৰ ব্যক্তিগত কোম্পানীত নিযুক্তি লাভ কৰি উৎফুল্লিত হৈ পৰে নিযুক্তি পত্ৰ লাভ কৰা প্ৰাৰ্থীসকল । নিয়োগ মেলাত দেশৰ আগশাৰীৰ প্ৰায় ৬৮ টা কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল । দেশৰ আগশাৰীৰ ৬৮ টাকৈ কোম্পানীৰ প্ৰতিনিধিয়ে নগাঁৱত উপস্থিত হৈ পোনপটীয়াকৈ শিক্ষিত যুৱক-যুৱতীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি লগে লগে নিযুক্তি পত্ৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

সাংসদ বৰদলৈয়ে উত্তৰ পূৰ্বাঞ্চলত এইয়াই প্ৰথম নিয়োগ মেলা বুলি দাবী কৰে । ইফালে ব্যক্তিগত কোম্পানীৰ নিযুক্তি পত্ৰ বিতৰণ কৰি শাসকীয় বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । চৰকাৰী কেৱল পাঁচ কেজি চাউল আৰু অৰুণোদয় আঁচনিৰ নামত মাহে ১২ শ টকাকৈ দিয়াৰ বিপৰীতে জীৱনযাত্ৰাৰ মানদণ্ড উত্তৰণ ঘটালে হে জীৱনযাত্ৰা সলনি হ'ব বুলিও মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । 

ইপিনে আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অনুষ্ঠিত কৰা নিয়োগ মেলাক নিৰ্বাচনী চমক বুলিও বিভিন্নজনে সমালোচনা কৰিছে । এইয়া প্ৰকৃততে শিক্ষিত নিবনুৱাক সংস্থাপনৰ বাবে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰচেষ্টা নে নিৰ্বাচনী চমক সেয়া সময়তহে দেখা যাব ৷ কিন্তু একেদিনাই দেশৰ বিভিন্ন কোম্পানীত ৬০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰি সাংসদ বৰদলৈয়ে যে নগাঁৱত চমক সৃষ্টি কৰিছে সেয়া নিশ্চিত । 

লগতে পঢ়ক: Niyog Mela in Nagaon: প্ৰদ্যুৎ বৰদলৈৰ নিয়োগ মেলাৰ সাক্ষাৎকাৰত তিনি সহস্ৰাধিক প্ৰাৰ্থীৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.