thumbnail

By

Published : Dec 27, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Constituency Delimitation in Assam: সমষ্টি পুনৰনিৰ্ধাৰণক লৈ আশাবাদী বিজেপি: দিলীপ শইকীয়া

‘‘ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰে লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ পৰীক্ষণ হওক ৷ এইক্ষেত্ৰত বিজেপিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ৷ ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনত জিকাৰ বাবে সমষ্টিৰ পুনৰনিৰ্ধাৰণ বিচৰা নাই ৷ অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবেহে বিজেপিয়ে সমষ্টিৰ পুনৰনিৰ্ধাৰণ বিচাৰিছে ৷’’ মঙলবাৰে নলবাৰীত আয়োজিত এক সভাত অংশ লৈ সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণৰ ঘোষণাৰ পাচতেই সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মঙলদৈৰ বিজেপি সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia react on Delimitation in Assam) ৷ উল্লেখ্য যে, অসমত আৰম্ভ হ’ব সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation in Assam)। এই কথা ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে । 2001 ৰ লোকপিয়লৰ ভিত্তিত হ'ব সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণ ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.