Elephant Bihu in Tinsukia : তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ হাতী বিহু পালন - হাতী বিহু পালন
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 20 এপ্ৰিল : অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ বুধবাৰে আছিল গৰু বিহু (Moran tribes celebrate Goru Bihu in Tinsukia) । ব’হাগ মাহৰ পহিলা মংগলবাৰৰ পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে বিহু পালন কৰে । ৰাজ্যৰ বিভিন্ন মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত মংগলবাৰে উৰুকা পালন কৰাৰ পাচত বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰে মানুহ বিহু পালন কৰা হয় ।
অন্যহাতে, তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱত বুধবাৰে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীক একত্ৰিত কৰি মাহ-হালধি হানি গা ধুৱাই, চাত মাৰি গৰু বিহুৰ দিনাই হাতী বিহুও পালন কৰা হয় (Moran tribes celebrate Elephant Bihu) । পৰৱৰ্তী সময়ত ঢোলে-দগৰে বিহু মাৰি আনন্দ উল্লাস কৰে ৷ তাৰ পাচত পৰম্পৰা অনুসৰি, হাতীৰ পিঠিত উঠি হাবিত গৈ মাংগলিক নীতি-নিয়ম কৰি এযোৰ কুকুৰা মেলে, যাক পক্ষী মেলা বুলি কোৱা হয় ৷
ইয়াৰ জৰিয়তে বছৰটোৰ কাৰণে যাতে হাতীকেইটা সুস্থ হৈ থাকে তাকে কামনা কৰে ৷ লগতে গাঁৱখনত থকা সকলো হাতী একত্ৰিত হৈ বিহু উৰুৱা কাৰ্যসূচীলৈ উলাই যায় ৷
লগতে পঢ়ক : Teok gabhoru bihu: পৰম্পৰা ধৰি ৰাখি টীয়কত উদযাপন গাভৰু বিহু