ETV Bharat / state

১০ ঘণ্টা চোতালতেই পৰি ৰ'ল মৃতদেহ, তথাপি সৎকাৰ কৰিবলৈ ওলাই নাহিল গঞা - TRAGIC INCIDENT IN TITABOR

যুৱকৰ মৃত্য়ুৰ পিছতো গাঁওবাসীয়ে প্ৰদৰ্শন কৰিলে নিষ্ঠুৰতা ৷ মৃতকৰ পৰিয়ালক নকৰিলে সহযোগ ।

family ostracized from society
সৎকাৰ কৰিবলৈ ওলাই নাহিল গঞা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 9:47 PM IST

যোৰহাট: জীৱশ্ৰেষ্ঠ মানৱে জোনবাইৰ দেশত ঘৰ সজাৰ সপোন দেখাৰ সময়তো আমাৰ সমাজত একাংশ ব্য়ক্তিয়ে এলান্ধুকলীয়া নীতিকে সাৱটি আছে । কোনো বিষয়ক কেন্দ্ৰ কৰি কিছুমান পৰিয়ালক সমাজৰ পৰা এলাগী কৰি ৰখা হৈছে । মানৱ সমাজক লজ্জানত কৰা এনে এক ঘটনা সংঘটিত হ'ল এইখন সমাজতেই । মানৱ সমাজক লজ্জানত কৰা হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে যোৰহাটত । পুৱতি নিশাৰে পৰা চোতালত পৰি ৰ'ল মৃতদেহ । সৎকাৰ কৰিবলৈ ওলাই নাহিল গাঁৱৰ ৰাইজ ।

১০ ঘণ্টাৰো অধিক সময় পৰি ৰ'ল মৃতদেহ :

যোৰহাটৰ তিতাবৰৰ ফালেঙীচুকত সমাজৰ এচাম লোকৰ বাবেই এঘৰৰ চোতালত ১০ ঘণ্টাৰো অধিক সময় পৰি ৰ'ল এটা মৃতদেহ । মৃত যুৱকজনৰ পৰিয়ালৰ লগতে আত্মীয়ই অনুৰোধ কৰাৰ পিছতো মৃতকৰ ঘৰলৈ কোনো লোক নাহিল । আনকি সৎকাৰৰ সময়তো নাহিল গাঁওখনৰ লোক । কিয়নো পৰিয়ালটোক এঘৰীয়া কৰি থৈছে গাঁৱৰ ৰাইজে ।

সৎকাৰ কৰিবলৈ ওলাই নাহিল গঞা (ETV Bharat Assam)

কিয় এঘৰীয়া কৰিছিল পৰিয়ালটোক ?

গাঁৱৰ কোনো লোকৰ মৃত্যু হ'লে ভেদভাৱ নাৰাখি সৎকাৰ কৰিবলৈ ওলাই গৈছিল দিগন্ত বৰা নামৰ যুৱকজন । কিন্তু তেওঁৰ শেষকৃত্য় সম্পন্ন কৰিবলৈ নাহিল কোনো লোক । কাৰণ দুবছৰ পূৰ্বে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিল । এই দোষতেই দৰিদ্ৰ পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছিল গাঁৱৰ লোকে ।

কিন্তু নিজৰ ভুলৰ শুধৰণি বিচাৰি সমাজৰ আগত ভৰিত ধৰি তামোল-পাণ দি ক্ষমা বিচৰাৰ পাছতো সমাজে আঁকোৱালি লোৱা নাছিল পৰিয়ালটোক । এই প্ৰসংগত দিগন্ত বৰাৰ এজন আত্মীয়ই কয়, "আমি গাঁৱৰ লোকক অনুৰোধ কৰাৰ পিছতো মৃতকৰ ঘৰলৈ কোনো নাহিল । আজি পুৱতি নিশা তিনি বজাৰ পৰা এইদৰে পৰি আছে মৃতদেহটো ।"

সমাজৰ পৰা এঘৰীয়া কৰি থোৱাৰ বাবেই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি নাহিল গাঁওখনৰ লোক । সেয়েহে ৩৫ বছৰীয়া পুত্ৰৰ মৃতদেহ চোতালত লৈ ৰাইজৰ বাবে অপেক্ষা কৰি থাকিল দুৰ্ভগীয়া বৃদ্ধা মাতৃয়ে । অৱশেষত দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল বীৰ লাচিত সেনাৰ মাধপুৰ আঞ্চলিক সমিতিৰ কেইজনমান বিষয়ববীয়া । বীৰ লাচিত সেনাৰ কৰ্মী আৰু বংশ পৰিয়ালৰ কেইজনমান লোকৰ উপস্থিতিত সৎকাৰ কৰা হয় দিগন্ত বৰাৰ নশ্বৰদেহ ।

লগতে পঢ়ক:পৰীক্ষা কেনেকুৱা হ’ল সুধিবলৈ নাথাকিল মা, দুই ভাতৃ-ভগ্নীৰ জীয়া কাহিনীয়ে কন্দুৱাব আপোনাকো - Tragic incident in Barpeta - TRAGIC INCIDENT IN BARPETA

সপ্তাহত মাত্ৰ ২০০ টকাৰ বাবে... ! এইখন বিকশিত ভাৰতৰে আন এখন ছবি - TRAGIC INCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.