কোঠাৰ ভিতৰত কণীসহ বিষাক্ত চকৰী ফেঁটি সাপ উদ্ধাৰ

By

Published : Aug 22, 2022, 8:09 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নগাঁও চহৰত কণীসহ বিষাক্ত চকৰী ফেঁটি সাপ উদ্ধাৰ ৷ এগৰাকী লোকৰ বাসগৃহৰ কোঠাৰ ভিতৰত এটা গাঁতত বাহ লৈছিল চকৰি ফেঁটি সাপটোৱে ৷ বাসগৃহটোৰ স্বত্বাধিকাৰীগৰাকীয়ে ঘৰৰ চৌহদত সাপটো কেইবাদিনো ওলোৱা সোমোৱা কৰি থকা প্ৰত্যক্ষ কৰিছিল ৷ ইয়াৰ পাছতে আতংকিত হৈ পৰে পৰিয়ালটো ৷ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমৰ জড়িয়তে সৰ্পবন্ধুখ্যাত সঞ্জীৱ ডেকাৰ ফোন নম্বৰটো সংগ্ৰহ কৰি সাপটো উদ্ধাৰৰ বাবে খবৰ দিয়ে ৷ শেষত দেওবাৰে ভেকুলীৰ টোপ দি বাসগৃহটোৰ কোঠাৰ ভিতৰত থকা গাঁতৰ পৰা সাপটোক উলিয়াবলৈ সক্ষম হয় সৰ্পবন্ধু সঞ্জীৱ ডেকাই (Monocled Cobra Rescued with Eggs in Nogaon) ৷ মন কৰিব লগীয়া যে, গাঁতটোত ২১ টাকৈ কণী পাৰিছিল চকৰী ফেঁটি সাপটোৱে । পৰবৰ্তী সময়ত শালনা বনাঞ্চলৰ এজোপা গছৰ ধোন্দত সাপৰ কণীসহ বিষাক্ত চকৰি ফেঁটি সাপটো মুকলি কৰি দিয়ে সৰ্পবন্ধু সঞ্জীৱ ডেকাই ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.