thumbnail

By

Published : Jul 23, 2022, 8:30 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Moina Nayak Incident: অভিভাৱক মন্ত্ৰী অতুল বৰাৰ ওপৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ ক্ষোভ

"অতুল বৰা ডাঙৰীয়া আপুনি কিহৰ অভিভাৱক ? আপুনি যদি অভিভাৱক হ'ল হয়, তেন্তে নিশ্চিতভাৱে মইনা নায়কৰ খবৰ ল'লে হয় ৷ চৰকাৰে কেৱল ক্ষতিপূৰণ দি গা এৰালেই নহ'ব ৷ যিসকল লোক দোষী আছিলে আৰু এই ঘটনাত জড়িত আছিল তেওঁলোকক উচিত শাস্তি বিহিবলৈ আমি দাবী জনাইছো ৷" ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ মইনাৰ খবৰ ল'বলৈ সময় নাই বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতা লাজ্জা নন্দৰ (ATTSA angry with Dibrugarh parent minister Atul Bora)৷ ইমান ডাঙৰ ঘটনা এটা সংঘটিত হোৱাৰ পাছতো অভিভাৱক মন্ত্ৰীগৰাকী উপস্থিত নোহোৱাতো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে আটছাৰ নেতাগৰাকীয়ে ৷ উল্লেখ্য যে মঙলবাৰে কলঘৰৰ CTC কাটিং মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইনা নায়ক (Accident in Lepetkata tea estate)৷ ডিব্ৰুগড় লেপেটকতা চাহ বাগিছা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছে মইনা নায়কে (Tea garden worker Moina Nayak battling for life) । বৰ্তমান জি এম চি এইছত চিকিৎসাধীন হৈ আছে মইনা নায়ক (Moina Nayak under treatment at GMCH)৷ মইনা নায়ক এতিয়া সংকটমুক্ত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে অধীক্ষক অভিজিৎ শৰ্মাই ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.