বিধায়ক ৰঞ্জিৎ দত্তৰ পুত্ৰক আটক, সুৰাসক্ত হৈ গাড়ী চলাই আৰক্ষীৰে তৰ্ক
🎬 Watch Now: Feature Video
গুৱাহাটী, 6 জানুৱাৰী : সুৰাসক্ত হৈ গাড়ী চলাই আৰক্ষী থানাৰ আলহি হ’ল বিধায়কৰ পুত্ৰ ৷ দুই বন্ধুৰ সৈতে সুৰাপান কৰি বিলাসী গাড়ীৰে টহল দিয়া বিধায়কপুত্ৰক আটক কৰি লৈ গ’ল আৰক্ষীয়ে ৷ জানিব পৰা মতে আৰক্ষীৰ সৈতে তৰ্কতো লিপ্ত হৈছিল বিজেপি বিধায়কৰ পুত্ৰজন ৷
শুকুৰবাৰে নিশা অত্যধিক সুৰাপান কৰি দুই বন্ধুৰ সৈতে ফৰ্ছুনাৰ গাড়ীৰে টহল দি আছিল বিহালীৰ বিধায়ক ৰঞ্জিৎ দত্তৰ পুত্ৰ দীপজ্যোতি দত্তৰ লগতে আন দুই বন্ধুৱে ৷ ইপিনে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা পাই সুৰাপান কৰি থকা চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ তেনে সময়তে সুৰাৰ ৰাগীত মাতাল হৈ থকা ৰঞ্জিৎ দত্তৰ পুত্ৰৰ সৈতে আন দুই বন্ধুক সুৰাসক্ত অৱস্থাত গাড়ীৰে সৈতে আটক কৰে যোৰাবাট আৰক্ষীয়ে ৷
বিধায়ক তনয়ৰ সৈতে আটক কৰা আন দুই যুৱক হ’ল কুমাৰ ৰিষভ দাস আৰু জুমন বৰা । আনহাতে ফৰছুনাৰ গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হ’ল AS 32A 3333.
লগতে পঢ়ক: সাংবাদিকক অপদস্থ কৰা আয়ুক্তৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ