Ultapani Health Centre:উল্টাপানী স্বাস্থ্য কেন্দ্ৰক এম্বুলেঞ্চ প্ৰদান বিধায়ক লৰেন্স ইছলাৰীৰ - Ultapani Health Centre

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 25, 2023, 8:34 PM IST

কোকৰাঝাৰ, ২৫ জুলাই: ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ জৰিয়তে মঙলবাৰে এখন এম্বুলেঞ্চ উল্টাপানী স্বাস্থ্য কেন্দ্ৰক প্ৰদান কৰে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে । এই উপলক্ষে কোকৰাঝাৰ বিধায়ক সেৱা কেন্দ্ৰৰ সন্মুখত অনুষ্ঠিত এম্বুলেঞ্চ সেৱা মুকলিৰ ফ্লেগ অফ কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে ।

উক্ত অনুষ্ঠানত বিটিচিৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ এ এছ শৰ্মা,মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পুলমা ব্ৰহ্ম আৰু জিলা ইউপিপিএলৰ নেতৃবৃন্দ উপস্থিত থাকে । ইপিনে, ফ্লেগ অফ অনুষ্ঠানৰ পিছত বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী-সৰলপাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰত্ব প্ৰায় ৩০- ৪০ কিলোমিটাৰ । উক্ত অঞ্চলৰ ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আনিবলৈ এম্বুলেঞ্চখন যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে ।  

তেওঁ এই এম্বুলেঞ্চখন বিধায়ক এলেকা উন্নয়ন পুঁজি ২১ -২২ বিত্তীয় বৰ্ষৰ আৰু কোম্পানীয়ে এম্বুলেঞ্চখন পলমকৈ হস্তান্তৰ কৰা বাবে ৰাইজৰ সেৱাত এম্বুলেঞ্চখন উৎসৰ্গিত কৰাত অলপ পলম হ'ল বুলি মন্তব্য কৰে । বিধায়কগৰাকীয়ে স্থানীয় সমিতিয়ে এম্বুলেঞ্চখন পৰিচালনা কৰিব বুলি কয় । 

লগতে পঢ়ক:Manipur Violence: 'বেটি বচাও ভাৰত বচাও' শ্লোগানেৰে উত্তাল ডিমা হাছাও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.