Mising Olympics 2023: TMPKৰ উদ্যোগত আৰম্ভ ‘মিচিং অলিম্পিক’ - assam olympic association

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:28 AM IST

Updated : Oct 5, 2023, 8:48 AM IST

জোনাই, 5 অক্টোবৰ: মিচিং জাতীয় ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত এইবাৰ আৰম্ভ হৈছে ‘‘মিচিং অলিম্পিক’’ শীৰ্ষক অনুষ্ঠানৰ ৷ মিচিং জনজাতি অধ্যুষিত গ্ৰাম্য অঞ্চলৰ পৰা প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰত সহায় হোৱাকৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মিচিং জাতীয় ছাত্ৰ সংগঠন টি এম পি কেয়ে ৷

16-19 বছৰৰ অনুৰ্ধ্বৰ যুৱক-যুৱতীয়ে নিজৰ ক্ৰীড়া প্ৰতিভাসমূহ মিচিং অলিম্পিকৰ জৰিয়তে প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জাতিৰ লগতে নিজৰ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী ৰূপায়ন কৰিছে ৷

2 অক্টোবৰৰ পৰা অসমৰ বিভিন্ন মিচিং অধ্যুষিত অঞ্চলত 100 মিটাৰ, 200 মিটাৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰা কিছু খেল সংযোজন কৰি মুঠ 11টা খেলৰে আৰম্ভ হৈছে ‘মিচিং অলিম্পিক’ ৷ ৰাজ্যৰ মিচিং অধ্যুষিত প্ৰায় 3 হেজাৰ অঞ্চলত মিচিং অলিম্পিকৰ প্ৰস্তুতি চলিছে ৷ 

অহা 27, 28 আৰু 29 অক্টোবৰত তিনিদিনীয়াকৈ জোনাইৰ পবা বৰ্ষাৰণ্যত কেন্দ্ৰীয়ভাৱে বাচনি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মিচিং অলিম্পিকত প্ৰথম স্থান লাভ কৰা খেলুৱৈক নগদ 1 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব ৷ এই কথা জানিবলৈ দিছে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চান পাংগিং আৰু ক্ৰীড়া সম্পাদক ৰাজীৱ দলেয়ে ৷

লগতে পঢ়ক:Ghost terror: ধেমাজিত অলৌকিক শক্তিৰ ত্ৰাস

Last Updated : Oct 5, 2023, 8:48 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.