MV Lohit Ferry goes missing: কমলাবাৰী ঘাট পালেহি নিৰুদ্দেশ হোৱা এম ভি লোহিত - Missing ferry MV Lohit
🎬 Watch Now: Feature Video

মাজুলী, 19 জুন : ব্ৰহ্মপুত্ৰ নদীৰ মাজত অঘটন ! নিমাতীৰ পৰা ১ বাজি ৩০ মিনিটত কমলাবাৰী ঘাটলৈ অহা এম ভি লোহিত ফেৰীখন কিছুদূৰ অহাৰ পাচত ঘন কুঁৱলীৰ বাবে দিশহাৰা হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ মাজত । ১৩৪ জন যাত্ৰী, ৩২ খন বাইক কঢ়িয়াই আনিছিল ফেৰীখনে। ফেৰীখন আৱদ্ধ হৈ পৰাত আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল ।
অৱশেষত প্ৰায় ডেৰ ঘণ্টাৰ মূৰত কমলাবাৰী ঘাট পালেহি ঘন কুঁৱলীৰ বাবে দিশহাৰা হোৱা এম ভি লোহিত ফেৰীখন। ঘন কুঁৱলীৰ বাবে কমলাবাৰী ঘাটৰ পৰা কিছুদূৰ আগলৈ গৈছিল ফেৰীখন।
ফেৰী চালকগৰাকীয়ে কোৱা অনুসৰি নিমাতীৰ পৰা ফেৰীখন এৰাৰ সময়ত কুঁৱলী নাছিল ৷ কিন্তু নদীৰ মাজত ফেৰীখন পোৱাৰ সময়ত কুঁৱলীৰ বাবে আৱদ্ধ হৈ পৰিছিল ফেৰীখন।
লগতে পঢ়ক: Lurinjyoti Gogoi on Big Dam: বলপূৰ্বক নদীবান্ধ নিৰ্মাণ নকৰিবলৈ চৰকাৰক সকীয়নি লুৰীণজ্যোতি গগৈৰ