Mobile Theft Incident: গ্ৰাহকৰূপী কিশোৰে চুৰি কৰিলে 23 হাজাৰ চকীয়া মোবাইল

By

Published : Mar 26, 2023, 5:41 PM IST

Updated : Apr 4, 2023, 4:14 PM IST

thumbnail

নলবাৰী, ২৬ মাৰ্চ: নলবাৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা ‌(Mobile Theft Incident in Nalbari )। এইবাৰ নলবাৰী চহৰৰ থানা চকত মোবাইল চুৰিৰ ঘটনা সংঘটিত হৈছে। গ্ৰাহকৰ ৰূপত আহি কিশোৰে চুৰি কৰি লৈ গ’ল ২৩০০০ টকীয়া ভিভ' ৱাই ২৩ মোবাইল ফোন (Minor theft mobile phone)। এই সমগ্ৰ ঘটনা বন্দী হয় বিপনীখনৰ চিচিটিভিত ৷  

ঘটনাৰ বিবৰণী মতে শনিবাৰে নলবাৰী চহৰৰ মা মোবাইল নামৰ ফোনৰ দোকানখনত বিয়লি ৫.৫৫ মান বজাত এজন কিশোৰে মোবাইল চাবলৈ আহিছিল (Minor theft mobile phone in Nalbari  )। প্ৰথমে যুৱকজনে মোবাইলকেইটামান চালে, তাৰ পিচতে মোবাইলৰ মূল্য চালে, তাৰ পিচতে দোকানগৰাকীৰ লগত কথা পতাৰ চলেৰে কিশোৰটোৱে ফোনটো পকেটত সোমোৱালে ৷ তাৰ কিছু সময়ৰ পিচতে কিশোৰটোৱে ফোনটো পিচত নিম বুলি কৈ দোকানখনৰ পৰা উধাও হয় ৷ 

ইতিমধ্যে এই সমগ্ৰ ঘটনা গম পোৱাৰ পিচতে দোকানখনৰ স্বত্বাধিকাৰী মুন্না আহমেদে নলবাৰী সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ । লগতে স্বত্বাধিকাৰীজনে কয় যে যদি কিশোৰটোৱে নিজ ইচ্ছামতে আহি ফোনটো ঘূৰাই দিয়েহি তেনেহ’লে কিশোৰটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় ৷ অন্যথা আৰক্ষীৰ এই ঘটনাৰ বিহিত ব্যৱস্থা ল‘ব ৷  

লগতে পঢ়ক: Crime in Nagaon:ৰহাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

Last Updated : Apr 4, 2023, 4:14 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.