মোবাইলত অচিনাকী ব্যক্তিৰে সম্পৰ্ক গঢ়ি দুমাহে নিৰুদ্দেশ হৈ আছে গোগামুখৰ কিশোৰী - Dhemaji Police
🎬 Watch Now: Feature Video


Published : Dec 5, 2023, 2:32 PM IST
ধেমাজি, 5 ডিচেম্বৰ : এদিন দুদিনকৈ দুমাহে নিৰুদ্দেশ হৈ আছে গোগামুখ চিলিম পুৰৰ এগৰকী কিশোৰী ৷ যাৰ বাবে দুমাহে বিনিদ্ৰ ৰজনী কটাইছে এগৰাকী মাতৃয়ে ৷ জানিব পৰা মতে, কিশোৰীগৰাকীয়ে মোবাইলৰ জৰিয়তে অচিনাকী লোকৰ সৈতে আত্মীয়তা গঢ়ি তুলিছিল ৷ পৰবৰ্তী সময়ত কিশোৰীগৰাকীক চাকৰিৰ প্ৰলোভন দিছিল অচিনাকী ব্যক্তিজনে ৷ তাৰ পাচতে বান্ধবীৰ সৈতে বহিঃৰাজ্যত কাম কৰিলৈ যোৱাৰ কথা পৰিয়ালক অৱগত কৰিছিল কিশোৰীগৰাকীয়ে ৷ তেনে ক্ষেত্ৰৰত মাতৃয়ে কিশোৰীগৰাকীক বাধা প্ৰদান কৰিছিল ৷ কিন্তু মাতৃৰ কথা নুশুনি এদিন ঘৰৰ পৰা ওলাই গৈছিল কিশোৰীগৰাকী ৷
ঘৰৰ পৰা ওলাই যোৱা আজি দুমাহ হ’ল, কিন্তু কিশোৰীগৰাকী নাই কোনো খবৰ ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে কিশোৰীগৰাকীৰ পৰিয়াল ৷
কিশোৰীগৰাকীৰ মাতৃয়ে কয়, ‘‘ ট্ৰেইনত উঠাৰ পূৰ্বে মোক ফোন কৰি কৈছিল বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা বুলি ৷ তেতিয়া টিকট কাটিবলৈ টকা ক’ত পালি বুলি সোধা প্ৰশ্নত তাই কৈছিল যে, মোক টিকত কাটি দিছে ৷ তিনি দিন তিনি ৰাতি ৰে’লেৰ যাত্ৰা কৰাৰ পাচত হঠাৎ যোগাযোগ হেৰাই গৈছিল তাইৰ সৈতে ৷ কেতিয়াবাই তাই অলপ সময়ৰ কাৰণে ফোন কৰে ৷ তেতিয়া কয় যে, তাইক মাৰি পেলাব ৷ মোবাইলত কথা পাতিবলৈ নিদিয়ে বুলিও তাই কৈছিলে ৷’’
লগতে পঢ়ক : চকুৰ পচাৰতে ভস্মীভূত হ’ল মৰমৰ ঘৰখন, মূৰে কঁপালে হাত দিছে গৃহস্থই