Minor boys missing : ধনশিৰিত শিক্ষকৰ ঘৰৰ পৰা সন্ধানহীন দুই শিশু আৰু এটি কিশোৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:34 PM IST

thumbnail

ডিফু, ২৬ ছেপ্টেম্বৰ : কাৰ্বি আংলঙৰ ধনশিৰিৰ পৰা যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন দীনেশ গৌড়, ৰাহুল মুণ্ডা নামৰ দুই শিশুৰ লগতে অপ’ হাচনু নামৰ এটি কিশোৰ ৷ কিন্তু আজি পৰ্যন্ত দুই শিশু আৰু কিশোৰটিৰ কোনো সন্ধান লাভ কৰা নাই ধনশিৰি আৰক্ষীয়ে ৷

ধনশিৰিৰ নাগাংবস্তীৰ গোপাল কুমাৰ আৰু আছাঙা নামৰ দম্পতিৰ ঘৰৰ পৰা সন্ধানহীন হৈছিল দুটি শিশুৰ লগতে কিশোৰটি ৷ দুই শিশু আৰু কিশোৰটি মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা বুলি সন্দেহ কৰিছে স্থানীয় MAC তিলোত্তমা হাচনু এ ৷

সোমবাৰে বিয়লি অভিযুক্ত দম্পতিটোৰ গৃহত উপস্থিত হয় ধনশিৰি পৰিষদীয় সমষ্টিৰ স্থানীয় MAC তিলোত্তমা হাচনু ৷ লগতে উপস্থিত থাকে ধনশিৰিৰ মহিলা সংগঠন আৰু ধনশিৰিৰ উপ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ৷ জানিব পৰা মতে, ওচৰত স্কুল নথকাৰ বাবে দুই শিশু আৰু কিশোৰটিক দম্পতিটোৰ ঘৰত ৰাখিছিল অভিভাৱকে ৷

দম্পতিটোৱেও কিশোৰ আৰু শিশু দুটিক হোষ্টেলৰ দৰে নিজ ঘৰৰ চৌহদৰ এটা টঙী ঘৰত ৰাখি পঢ়োৱাইছিল ৷ অৱশ্যে পঢ়োৱাৰ বিনিময়ত অভিভাৱকসকলৰ পৰা এটকাও নলৈ সকলো খৰছ বহন কৰি স্কুলত পঢ়াইছিল দম্পতিটোৱে ৷ এই কথা সাংবাদিক আগত প্ৰকাশ কৰে গোপাল কুমাৰে ৷

বৰ্তমানৰ যুগত বিনা পইচাত দম্পতিহালে দুই শিশু আৰু কিশোৰটিক পঢ়োৱা কথাটো সহজে মানি ল’ব পৰা নাই ৷ ইয়াত কিছু ৰহস্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা সংগঠনে ৷

লগতে পঢ়ক : Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.