Minister Ranoj Pegu: তালিকা প্ৰকাশেৰে কংগ্ৰেছে শান্তিত শুব পাৰিছে যদি তাত আপত্তি কিহৰ ! - Upcoming Election 2024
🎬 Watch Now: Feature Video
Published : Oct 12, 2023, 5:21 PM IST
বৰপেটা, 12 অক্টোবৰ : বৃহস্পতিবাৰে বৰপেটাত অৰুণোদয় 2.0 ৰ হিতাধিকাৰীসকলক কাৰ্ড বিতৰণী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক কাৰ্ড প্ৰদানৰ পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পেগুৱে ৷ বিশেষকৈ বুধবাৰৰ নিশাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সন্দৰ্ভত চলি থকা বিষয়টোক লৈ কংগ্ৰেছক কটাক্ষ কৰি কৰি মন্ত্ৰী পেগুৱে কয়, ‘‘তালিকা প্ৰকাশ কৰি যদি কংগ্ৰেছে শান্তিত শুব পাৰিছে যদি শোৱক ৷ তাত আমাৰ একো ক’ব লগা নাই ৷’’
তেওঁ লগতে কয়, ‘‘2014 ৰ নিৰ্বাচনত কংগ্ৰেছ উটি গৈছিল ৷ 16ত উটি গৈছিল, 21টো উটি গৈছে ৷ যোৱাবাৰ তেওঁলোকে মন্ত্ৰী তালিকাও প্ৰকাশ কৰিছিল ৷ বিগত নিৰ্বাচনসমূহৰ দৰে এইবাৰো উটি যাব কংগ্ৰেছ ৷ মুখ্যমন্ত্ৰীয়ে জিকিম বুলি কৈছে যদি আমি নিশ্চয় জিকিম ৷ তেওঁৰ ওপৰত বিশ্বাস আছে ৷’’ এই মন্তব্য মন্ত্ৰী পেগুৰ ৷
আনহাতে বিদ্যালয় শিক্ষা বিভাগে বুধবাৰে জাৰি কৰা জাননীক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পেগুৱে কয়, ‘‘14 অক্টোবৰটো আমাৰ বাবে উল্লেখযোগ্য দিন ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তীৰ দিনটো আমি বিশেষ দিন হিচাপে গণ্য কৰি আহিছো ৷ সেয়ে সকলো বিদ্যালয়তে পুৱাৰ প্ৰাৰ্থনা সভাত জাতীয় সংগীত ‘‘অ’ মোৰ আপোনাৰ দেশ’’ পৰিৱেশন কৰাতো বাধ্যতামূলক কৰা হৈছে ৷’’
লগতে পঢ়ক:Antyodaya Anna Yojana : জীৱিত হিতাধিকাৰীক মৃত দেখুৱাই বঞ্চিত কৰা হ’ল অন্ত্যোদয়া অন্ন যোজনাৰ পৰা