বিৰোধীসকল ভেকুলীৰ দৰে, নিৰ্বাচনৰ সময়ত টোৰটোৰায় : ৰণজিৎ কুমাৰ দাস - দীনদয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 4:44 PM IST

বাক্সা, ২০ ডিচেম্বৰ : নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আশাৰ ৰেঙণি স্বৰূপে আজি বাক্সা জিলাৰ বৰমাত নিয়োগ মেলা অনুষ্ঠিত হয় । বাক্সা, বজালী, বৰপেটা, তামুলপুৰ আৰু নলবাৰী জিলাৰ যিসকল যুৱক-যুৱতীয়ে দীনদয়াল উপাধ্যায় গ্ৰামীণ কুশল যোজনাৰ অধীনত বিভিন্ন বিভাগৰ প্ৰশিক্ষণ লৈছিল তেওঁলোকৰ সংস্থাপনৰ উদ্দেশ্যে নিয়োগ মেলা অনুষ্ঠিত হয় ।

উক্ত নিয়োগ মেলাত উপস্থিত থাকি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসমৰ সকলো শ্ৰেণীৰ যুৱক-যুৱতীক সংস্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে । ইফালে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী দলসমূহৰ কোনো অস্তিত্ব নাথাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে বাৰিষা আহিলে যেনেদৰে ভেকুলীবিলাক ওলাই আহে ঠিক তেনেদৰে নিৰ্বাচন সমাগত বাবে বিৰোধী দলসমূহ ওলাই আহিছে ।

বিৰোধীসকল আচলতে ভেকুলীহে বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে । আনহাতে এ.আই.ইউ.ডি.এফ‌ দল বিৰোধী ঐক্যত নাথাকিলে একো বেলেগ অৰ্থ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে পূৰ্বৰ পৰা কংগ্ৰেছ-এ.আই.ইউ.ডি.এফ‌ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ।

লগতে পঢ়ক: কংগ্ৰেছত যোগদান বিজেপিৰ জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.