Amrit kalash yatra: নগাঁৱত "অমৃত কলহ যাত্ৰা"ৰ কাৰ্যসূচীত মন্ত্ৰী পৰিমল শুক্লবৈদ্য
🎬 Watch Now: Feature Video
Published : Oct 3, 2023, 9:29 PM IST
ৰহা, 3 অক্টোবৰ: অসম চৰকাৰৰ পৰিবহণ, আবকাৰী, মীন বিভাগ তথা নগাঁৱৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মঙলবাৰে নগাঁও জিলাৰ ঘাঁহী গাঁও পঞ্চায়তত "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তেওঁ জিলাখনৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহী বৰ নামঘৰৰ পৰা ঘাঁহী গাঁও পঞ্চায়ত কাৰ্যালয় অভিমুখে উলিওৱা এক শোভাযাত্ৰাত পদব্ৰজে যাত্ৰা কৰে ।
এই কাৰ্যসূচীত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বিশিষ্ট সমাজকৰ্মী অভিজিৎ নাথ, নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা পৰিষদৰ আন বিষয়াৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তি, স্থানীয় লোক, পঞ্চায়ত প্ৰতিনিধি, আত্মসহায়ক গোটৰ মহিলা আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে ।
প্ৰচণ্ড ৰ’দতো সকলোৱে উৎসৱমুখৰ পৰিৱেশত পৰম উৎসাহেৰে অমৃত কলহ যাত্ৰাত অংশ লয় । ইয়াৰ পিচতেই ঘাঁহী পঞ্চায়ত কাৰ্যালয়ত আয়োজিত এখন সভাত অংশ লৈ অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰথমেই প্ৰখৰ ৰ’দতো স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শোভাযাত্ৰাত অংশ লোৱা জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ।
তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ আহ্বানক্ৰমে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত অসমত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণে ব্যাপক উৎসাহ প্ৰদৰ্শন কৰিছে আৰু এই কাৰ্যসূচীয়ে সমগ্ৰ দেশকে ঐক্যৰ অনুভূতিৰে বান্ধিবলৈ সক্ষম হৈছে । সভাত দেশক অতুলনীয় সেৱা আগবঢ়োৱাৰ বাবে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ বৰা আৰু ফটিক চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয় ।
লগতে পঢ়ক : Amrit Kalash Yatra: দেৱলোকৰ পৰা আহি বৰপেটাৰোডত ‘অমৃত কলহ যাত্ৰাৰ ভাওনা’