Minister Bimal Borah : ২৫ কিলোমিটাৰ পদযাত্ৰা কৰি কেইবাখনো আঁচনি উদ্বোধন মন্ত্ৰী বিমল বড়াৰ
🎬 Watch Now: Feature Video
Published : Nov 11, 2023, 9:32 PM IST
ডিব্ৰুগড়, 11 নৱেম্বৰ : টিংখাঙত ব্যতিক্ৰমী ৰূপত দেখা গৈছে মন্ত্ৰী বিমল বড়াক । গাড়ী বা নৌকা যাত্ৰা নহয় । আজি টিংখাঙত প্ৰায় ২৫ কিলোমিটাৰ পথ পদযাত্ৰা কৰি কেইবাখনো আঁচনি শুভ উদ্বোধন কৰে মন্ত্ৰী বিমল বড়াই । আঘোণীবাৰীৰ পৰা খোৱাং ঘাটলৈ "সম্ভাৱনা আৰু অন্বেষণৰ এক যাত্ৰা" শীৰ্ষক কাৰ্যসূচীৰে প্ৰায় ২৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ সৈতে ২৫ কিলোমিটাৰ পথ পদযাত্ৰা কৰে মন্ত্ৰীগৰাকীয়ে । পদযাত্ৰা কৰি মন্ত্ৰী বড়াই টিংখাঙৰ আঘোণীবাৰীৰ পৰা খোৱাং ঘাটলৈ প্ৰায় ২৫ কিলোমিটাৰ পথ ‘মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ আঁচনি’ৰ অধীনত ৭২০৩.১৫ লাখ টকাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ শ শ ৰাইজক লগত লৈ বুঢ়ীদিহিঙৰ মথাউৰিৰে পদযাত্ৰা কৰি মন্ত্ৰীগৰাকীয়ে নৈপৰীয়া ৰাইজৰ সমস্যাৰ বুজ লোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Minister Bimal Borah : টিংখাঙত হাতত হেতা-গামলা লৈ মন্ত্ৰী বিমল বড়া