ETV Bharat / state

১৮ খন গাঁৱৰ মৃদঙীয়া গায়ন-বায়নৰে মুখৰিত নামৰূপ - MRIDANGIYA GAYAN BAYAN

মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনত একেলগে দেখা গ'ল ২৫ যোৰা গায়ন-বায়ন ।

Mridangiya Gayan Bayan Santha Session
গায়ন-বায়নৰে মুখৰিত নামৰূপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 11:04 PM IST

মৰাণ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি গায়ন বায়নে আজিও সমাজত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে । গায়ন-বায়ন অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহে অমূল্য সম্পদ হিচাপে জীয়াই ৰাখিছে । গায়ন-বায়ন পৰিৱেশনত বাদ্য হিচাপে মৃদংগ ব্যৱহাৰ কৰিলে মৃদঙীয়া গায়ন-বায়ন বুলি কোৱা হয় ।

সময়ৰ লগে লগে মৃদঙীয়া গায়ন-বায়নৰ চৰ্চা কিছু হ্ৰাস পাই আহিছে যদিও কিছু সংখ্যকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে । বৰ্তমান এই পৰম্পৰা যাতে কেৱল নামঘৰ, সত্ৰতে সীমাবদ্ধ হৈ নাথাকে তাৰ বাবে চেষ্টা কৰিছে মৃদঙীয়া গায়ন বায়ন সংস্থাই । এই সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিবলৈ গঠন হোৱা মৃদঙীয়া গায়ন বায়ন সংস্থাই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ।

গায়ন-বায়নৰে মুখৰিত নামৰূপ (ETV Bharat Assam)

মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন:

নামৰূপ আঞ্চলিক মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু মৃদঙীয়া গায়ন-বায়ন সমাৰোহ আজি নামৰূপৰ ৰঙাগড়া গাঁৱত অনুষ্ঠিত হয় ৷ নামৰূপ আৰু ইয়াৰ নিকটৱৰ্তী ১৮ খন গাঁৱৰ মুঠ ২৫ যোৰা গায়ন-বায়নে এই সমাৰোহত অংশগ্ৰহণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে । অসমীয়া কৃষ্টি সংস্কৃতিৰ অন্যতম বাহক গায়ন-বায়নৰ এনে ধৰণৰ চৰ্চাৰ জৰিয়তে নৱ-প্ৰজন্মক আকৰ্ষিত কৰিবৰ বাবে সংস্থাটোৱে প্ৰচেষ্টা হাতত লৈছে।

একাংশ চহা শিল্পীয়ে অসমীয়া সংস্কৃতি আগুৱাই নিবলৈ চেষ্টা কৰিছে :

হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত নামৰূপ আঞ্চলিক মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু মৃদঙীয়া গায়ন-বায়ন সমাৰোহত অংশগ্ৰহণ কৰি মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ জিলাৰ সম্পাদক গৰাকীয়ে কয়, " দিনক দিনে মৃদঙীয়া গায়ন-বায়নৰ যি সংস্কৃতি ই নিষ্ক্ৰিয় হ'বলৈ ধৰিছে । তাৰ মাজতো একাংশ চহা শিল্পীয়ে মৃদঙীয়া গায়ন-বায়ন ধৰি ৰাখি অসমীয়া সংস্কৃতি আগুৱাই নিবলৈ চেষ্টা কৰিছে ।" লগতে তেওঁ কয়," ৰাজ্য চৰকাৰে মৃদঙীয়া গায়ন-বায়ন জীয়াই ৰখাৰ স্বাৰ্থত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। এই প্ৰশিক্ষণে নতুন প্ৰজন্মক এই সংস্কৃতিক আগুৱাই নিবলৈ কিছু পৰিমাণে হ'লেও সহায় কৰিব ।"

লগতে পঢ়ক:পৰম্পৰা ৰক্ষা কৰি ম'হ নুযুঁজালে নহয় : ম'হ গোৱাল - BUFFALO AND BULBUL FIGHTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.