গুৱাহাটী : অহা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ তথা এডভাণ্টেজ অসম ২.০। বিশ্ব বিনিয়োগৰ এই বিয়াগোম সন্মিলনৰ প্ৰচাৰৰ বাবে শনিবাৰৰ পৰা মুম্বাইত বাহৰ পাতিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শর্মাই । তিনিদিনৰ বাবে মুম্বাইত বাহৰ পতা মুখ্যমন্ত্রীগৰাকীয়ে এডভাণ্টেজ অসম ২.০ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰাৰ উপৰি অহা ৬ জানুৱাৰীত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব ।
টাটা কোম্পানীৰ অধ্যক্ষৰে আলোচনা :
শনিবাৰে মুম্বাইত উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টাটা কোম্পানীৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ লগতে টাটা গ্ৰুপৰ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয় । এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত ৰূপায়ণ কৰা তথা অনাগত দিনত ৰূপায়ণ কৰিবলগীয়া টাটা গ্রুপৰ প্ৰকল্পসমূহৰ সন্দৰ্ভত আলোচনা কৰে । লগতে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণত টাটা গ্রুপক অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্রণ জনায় ।
It was an absolute pleasure to meet Shri Noel Tata, the Chairman of @tatatrusts.
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
We talked about synergising our efforts to improve the ease of living of our people and augmenting the Trust’s phenomenal intervention in Assam’s healthcare and education sectors, particularly in… pic.twitter.com/aSCLQ7CNDW
দেওবাৰে দ্বিতীয় দিনা মুখ্যমন্ত্রীগৰাকীয়ে মুম্বাইৰ কেইবাটাও বৃহৎ ব্যৱসায়ীক গোষ্ঠীৰ মুৰব্বীক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীয়ে আজি মুম্বাইত এইচ ডি এফ চি বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশন আৰু এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক কাইজাড ভাৰুচাক সাক্ষাৎ কৰি অসমৰ বিকাশৰ গতিৰ লগত জড়িত হোৱা বিভিন্ন বিষয়ত আলোচনা কৰে । লগতে আগন্তুক এডভাণ্টেজ অসম ২.০ সন্মিলনৰ অংশ হ'বলৈ তেওঁলোকক আমন্ত্ৰণ জনায় ।
Over my meeting with the CEO of HDFC Bank Shri Sashidhar Jagdishan, I spoke on the efforts we are undertaking to formalise Assam’s economy, particularly by prioritising DBT. With a skilled and disciplined workforce, Assam also offers several opportunities to Bharat’s growing… pic.twitter.com/dJrXHolILk
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
হিন্দুস্তান ইউনিলিভাৰৰ মুখ্য কাৰ্যবাহী বিষয়াক সাক্ষাৎ :
ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে মুম্বাইত হিন্দুস্তান ইউনিলিভাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোহিত জৱাক সাক্ষাৎ কৰি অসমৰ চাহ উদ্যোগক আৰু অধিক বিকশিত কৰাৰ উপায় সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাত মিলিত হয় । লগতে তেওঁৰ সৈতে আগন্তুক এডভাণ্টেজ অসম ২.০ সন্মিলনত নিজৰ উপস্থিতি সাব্যস্তৰ কথা বিবেচনা কৰিবলৈ মুখ্যমন্ত্রীয়ে অনুৰোধ জনায় ।
Had a good meeting with Mr. Rudra Chatterjee, Managing Director of Luxmi Tea. He has shown keen interest in exploring opportunities in furniture manufacturing and tea tourism.
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
We also discussed aspects relating to the welfare of our tea garden community.#AdvantageAssam2 pic.twitter.com/vmF6MC67Nw
আনহাতে, মুম্বাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লক্ষ্মী টীৰ পৰিচালন সঞ্চালক ৰুদ্ৰ চেটাৰ্জীক সাক্ষাৎ কৰি আগন্তুক এডভাণ্টেজ অসম ২.০ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনায় । সেইদৰে ৱেলছপুন গ্ৰুপৰ অধ্যক্ষ বি কে গোৱেংকাৰ লগতে অন্যান্য বিষয়াবৰ্গ কপিল মহেশ্বৰী, সন্দীপ গাৰ্গ আৰু উপদীপ সিং চত্ৰথক সাক্ষাৎ কৰি আগন্তুক এডভাণ্টেজ অসম সন্মিলনলৈ আমন্ত্ৰণ জনায় ।
Wonderful to meet Shri BK Goenka, the enterprising Chairman of the Welspun Group.
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
I highlighted the wonderful opportunities Assam offers in the heavy industries and textile sectors.
We also discussed their investment plans in the State. @WelspunWorld#AdvantageAssam2 pic.twitter.com/QFrd52yNJg
আনন্দ মহিন্দ্ৰাক সাক্ষাৎ কৰিলে মুখ্য়মন্ত্ৰীয়ে :
বিয়লি মুখ্যমন্ত্ৰীয়ে লাৰ্ছেন এণ্ড টাৰ্ব'ৰ মুখ্য পৰিচালন সঞ্চালক এছ এন সুব্ৰমনিয়নৰ সৈতে মত বিনিময় কৰে । লগতে গ্ৰুপৰ উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গ ডি কে সেন আৰু আৰ কে বানছালৰ সৈতে আটাইকে এডভাণ্টেজ অসম সন্মিলনলৈ আমন্ত্ৰণ জনায় । তদুপৰি মুম্বাইত আজি মুখ্যমন্ত্ৰীয়ে মহিন্দ্ৰাৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাক সাক্ষাৎ কৰি আগন্তুক এডভাণ্টেজ অসম সন্মিলনলৈ আমন্ত্ৰণ জনায় । লগতে অসমত বিভিন্ন বিনিয়োগৰ সুযোগ সন্দৰ্ভতো তেওঁলোকৰ মাজত বিস্তৃত আলোচনা হয় ।
It was such a delight to meet Shri @anandmahindra. His passion for an industrialised India and intellectual prowess is admirable. I have invited him to partner with the Assam Government in our quest for industrial growth.@MahindraRise
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
#AdvantageAssam2 pic.twitter.com/9IGVZq2xFL
With several high value ongoing infra projects, Assam is a magnet for infra companies - this is what I conveyed to Shri Subramanyam, the CEO of @larsentoubro
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
We discussed aspects relating to adopting sustainable and new age tech in construction.#AdvantageAssam2 pic.twitter.com/dqVOYvKJj9
আনহাতে, বিয়লি মুখ্যমন্ত্রীয়ে এছাৰৰ সঞ্চালক প্রশান্ত ৰুইয়াৰ সৈতে এক বৈঠক মিলিত হয় । এই বৈঠকত নবীকৰণযোগ্য শক্তি, হাইড্ৰ’কাৰ্বন আৰু প্রাকৃতিক গেছ খণ্ডত বিনিয়োগ বৃদ্ধি কৰি অসমৰ নেট জিৰো এমিছন লাভৰ উদ্দেশ্যত কিদৰে সহযোগিতা আগবঢ়াব পাৰে সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে আলোচনা কৰে । লগতে এডভাণ্টেজ অসম সন্মিলনলৈ তেওঁলোকক আমন্ত্রণ জনায় ।
Just concluded a meaningful meeting with Shri @prashantruia , Director of @Essar.
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
We discussed how the group can partner in our quest to achieve net zero emissions by ramping up investments in the renewable energy, hydrocarbon and natural gas sectors.#AdvantageAssam2 pic.twitter.com/wTqJiza2aG
মুম্বাইত মুখ্যমন্ত্রীগৰাকীয়ে আন এক বৈঠক যোগে আদানী বিমানবন্দৰৰ সঞ্চালক জিত আদানীৰ সৈতে আলোচনাত মিলিত হয় । আলোচনাকালত তেওঁলোকৰ গ্রুপে অসমৰ আন্ত:গাঁথনি, শক্তি আৰু প্রতিৰক্ষা খণ্ডত সুযোগ অনুসন্ধান কৰাৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰে বুলি মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে জানিবলৈ দিয়ে। মুখ্যমন্ত্রীয়ে জিত আদানীক এডভাণ্টেজ অসম সন্মিলনলৈ আমন্ত্ৰণ জনায় । মুখ্যমন্ত্ৰীয়ে অসমৰ বিমান পৰিবহণ আৰু বিনিয়োগৰ সুযোগ সন্দৰ্ভতো তেওঁৰ সৈতে আলোচনাত মিলিত হয় ।
Today during my meeting with Shri Jeet Adani, Director of @AdaniOnline, the group expressed their keen interest to explore opportunities in the infrastructure, power and defence sectors in Assam.
— Himanta Biswa Sarma (@himantabiswa) January 5, 2025
I am happy to see our State feature prominently in the Group’s expansion plan.… pic.twitter.com/1BmfpwIZal
উল্লেখ্য যে মুম্বাইৰ পাছতেই চলিত মাহতেই দিল্লী, চেন্নাইকে ধৰি দেশৰ আন কেইবাখনো মহানগৰীত মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ অসম ২.০ সন্মিলনৰ প্ৰচাৰৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ।